পুৱাৰ পৰায়ে অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ আজি লোকসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক । এই বিধেয়ক বাতিলৰ দাবীত সোমবাৰে পুৱাৰ পৰায়ে অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে অসমৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ । বিশেষকৈ আক্ৰাছু, চুতীয়া ছাত্ৰসন্থাকে ধৰি কেইবাটাও ছাত্ৰসংগঠনে জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ ফলত এতিয়া স্তব্ধ হৈ পৰিছে জনজীৱন । ছাত্ৰ সংগঠনকেইটাৰ সদস্যসকলে ৰাজপথত টায়াৰ জ্বলাই, চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে । ইপিনে অসম বন্ধৰ বাবে ৰাজপথত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ যাত্ৰী । উজনিৰ পৰা নামনিলৈ প্ৰতিবাদ তীব্ৰতৰ হোৱাৰো আশংকা কৰা হৈছে ।

Featured
Comments (0)
Add Comment