প্রজ্ঞাৰ সন্ধানেই হ’ল কিতাপ পঢ়াৰ উদ্দেশ্য : হোমেন বৰগোহাঞি

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ গ্রন্থৰ সুবাস বিলাই মঙলবাৰৰ পৰা নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিৰ সৌজন্যময়ী ভট্টাচার্য ক্ষেত্রত আৰম্ভ হৈছে নগাঁও গ্রন্থমেলা ২০১৯ ৷ ৮ দিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা গ্রন্থমেলাখন উদ্বোধন কৰে প্রসিদ্ধ সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি হোমেন বৰগোহাঞিয়ে ৷ গ্রন্থমেলাখন উদ্বোধন কৰি দিয়া ভাষণত বৰগোহাঞিয়ে কয়– স্মৃতিশক্তি ৰক্ষা কৰাৰ ভাল উপায় হৈছে কিতাপ পঢ়া ৷ যি কিতাপ পঢ়িলে চিন্তাৰ উদ্রেক হয়, সেই কিতাপ পঢ়িলেহে স্মৃতিশক্তি ৰক্ষা হয় ৷ মনোৰঞ্জনৰ বাবে নহয়, জ্ঞান অর্জনৰ বাবে নহয়, নিজৰ স্মৃতিশক্তি ৰক্ষাৰ স্বার্থতে কিতাপ পঢ়া উচিত ৷ এনে কিতাপ অধ্যয়ন কৰিব লাগে, যি কিতাপে সকলোকে চিন্তা কৰিবলৈ শক্তি যোগায়৷ অসমীয়া ভাষাৰ কিতাপ পঢ়িবলৈ সকলোকে আহ্বান জনাই কথাশিল্পী বৰগোহাঞিয়ে আৰু কয়– আমাৰ অসমীয়া ভাষাত লিখা কিতাপ নপঢ়িলে ভাষাৰ ভৱিষ্যৎ নাথাকিব ৷ ভাষাটোক ভাল পায় যদি কিতাপ কিনক আৰু পঢ়ক ৷ কিতাপ পঢ়িব লাগিব জীয়াই থাকিবৰ বাবে ৷

প্রজ্ঞাৰ সন্ধানেই হ’ল কিতাপ পঢ়াৰ উদ্দেশ্য৷ ভাষণ প্রসংগত অসমীয়া ভাষাৰ সংকটৰ বিষয়ে উল্লেখ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়– অসমীয়া ভাষাত বিশ্বমানৰ কিতাপ সৃষ্টি হোৱা নাই ৷ বহু বছৰ ধৰি অসমীয়া সাহিত্যত শূন্যতা সৃষ্টি হৈছে ৷ এই শূন্যতা দীর্ঘস্থায়ী হ’লে হাজাৰ গ্রন্থমেলা অনুষ্ঠিত কৰি বা হাজাৰ আন্দোলন কৰিও অসমীয়া ভাষাক ৰক্ষা কৰিব পৰা যে যাব তাত মোৰ সন্দেহ আছে ৷ তেওঁ লগতে কয়– অসমীয়া ভাষাত লিখিত কিতাপ নপঢ়িলে অসমীয়া ভাষাৰ ভৱিষ্যৎ নাই ৷ অসমৰ সাম্প্রতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয়– আজি এনে এটা পৰিৱেশত আমি গ্রন্থমেলালৈ আহিছোঁ, সেই সময়ত ব্রহ্মপুত্র উপত্যকাত অভূতপূর্ব গণজাগৰণ হৈছে ৷ তাৰ বাবেই আন্দোলন হৈছে ৷ অকল আন্দোলন কৰিয়েই অসমীয়া ভাষা নিৰাপদ কৰিব পাৰিম জানো যদি আমি অসমীয়া ভাষাত লিখিত কিতাপ নপঢ়ো, তেন্তে অসমীয়া ভাষাৰ ভৱিষ্যৎ নাই ৷ সেই কাৰণেই আজি উপযুক্ত সময় ৷ আন্দোলন চলি থকাৰ মাজতেই নগাঁৱত গ্রন্থমেলা আৰম্ভ হৈছে ৷ আপোনালোকে যদি নিজৰ ভাষাটোক সঁচাকৈয়ে ভাল পায়, ভাষাটোক নিৰাপদ কৰিবলৈ আপোনালোকৰ মনত আন্দোলন কৰিবলৈ যদি শক্তি আছে, তেন্তে কিতাপ কিনা আৰু কিতাপ পঢ়াৰ অভ্যাস কৰক ৷ মনীষীসকলৰ উদ্ধৃতি দি তেওঁ কয় যে আনৰ অভিজ্ঞতাৰে শিক্ষা ল’বলৈ কিতাপ পঢ়া দৰকাৰ ৷ তেওঁ গ্রন্থ প্রকাশকসকলক উন্নতমানৰ গ্রন্থ প্রকাশ কৰিবলৈ আহ্বান জনায় ৷

উদ্বোধনী ভাষণৰ আৰম্ভণিতে বৰগোহাঞিয়ে নগাঁৱৰ প্রসংগ উল্লেখ কৰি কয়– মই যিমানবাৰ নগাঁৱলৈ আহিছো, অসমৰ আন ঠাইলৈ সিমানবাৰ যোৱা নাই ৷ নগাঁৱৰ মানুহৰ মৰম আৰু আশীর্বাদে মোৰ জীৱনটোক ধন্য কৰি ৰাখিছে ৷ আনহাতে, উপস্থিত গ্রন্থপ্রেমীয়ে বর্তমান পৰিস্থিতিৰ বিষয়ে সোধা এক প্রশ্নৰ উত্তৰত বৰগোহাঞিয়ে কয়– মই ইতিমধ্যে মোৰ দুটা প্রবন্ধৰ জড়িয়তে এই সম্পর্কে দৃষ্টিভংগী প্রকাশ কৰিছো ৷ মোৰ কাগজত ‘জুইৰ লগত ধেমালি’ শীর্ষক লেখাৰ জৰিয়তে মই এই আন্দোলন আৰম্ভ হোৱাৰ আগতেই প্রকাৰান্তৰে এনে আন্দোলনৰ আহ্বান জনাইছিলো ৷ আনহাতে দ্বিতীয়টো প্রবন্ধ ‘অসমীয়া হোৱাটোৱেই অসমীয়া মানুহৰ অপৰাধ নেকি’ শীর্ষক প্রবন্ধত উল্লেখ কৰিছিলো ৷ এই আইনখন অসমীয়াভাষী জিলাকেইখনত প্রয়োগ কৰিব বিচৰা হৈছে ৷ কেৱল অসমীয়াভাষী মানুহখিনিক লক্ষ্য কৰি লোৱা হৈছে ৷ ব্যাপক গণ আন্দোলনৰ জৰিয়তে এই আইনক ব্যর্থ কৰিব নোৱাৰিলে অসমীয়া ভাষাৰ মৃত্যু হ’বলৈ সৰহ দিন নালাগিব ৷

বিশিষ্ট গৱেষক পণ্ডিত ড০ নৰেন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত সভাত শিক্ষাবিদ ড০ কন্দর্প কুমাৰ ডেকা, ড০ কৰবী ডেকা হাজৰিকা, অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সভাতেই ক্রীড়া সংগঠক সহজানন্দ ওজা, নাট্যকাৰ ডাঃ দিলীপ বৰুৱা, সমাজকর্মী মুকুট ভূঞা, সাহিত্য সংগঠক হোমেশ্বৰ দেৱ শর্মা, শিশু সংগঠক অৱনী কুমাৰ শইকীয়াক সম্বর্ধনা জনোৱা হয় ৷ এই সভাতেই স্মৃতিগ্রন্থ এখনো উন্মোচন কৰা হয় ৷ অনুষ্ঠানটোৰ আঁত ধৰে গ্রন্থমেলাৰ সম্পাদক শিৱানন্দ কাকতি আৰু নৌচাদ আখতাৰ হাজৰিকাই ৷ বিয়লি কুইজ প্রতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ৷

Featured
Comments (0)
Add Comment