প্রতিবাদ অব্যাহত ৰাখিব কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে এতিয়াও হাৰ মনা নাই ৷ আৰক্ষীৰ চৰম বর্বৰতাৰ সন্মুখীন হোৱাৰ পিছতো বিশ্ববিদ্যালয়খনৰ ছাত্র–ছাত্রীসকলে নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলন অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে ৷

শনিবাৰে এখন সংবাদ মেলত বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ প্রাক্তন সাধাৰণ সম্পাদক প্রাঞ্জল কলিতা, নিশিৰঞ্জন কে মল্লিকা আৰু বর্তমানৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ ছাত্র সমাজৰ উদ্যোগত বিগত কিছুদিন ধৰি ব্যাপক ৰূপত প্রতিবাদী কার্যসূচী অব্যাহত ৰাখিছে ৷ এই কার্যসূচীসমূহত জনসাধাৰণৰ স্বতঃস্ফূর্ত অংশগ্রহণে প্রমাণ কৰিছে যে অসমে কেতিয়াও ‘কা’ মানি নলয় ৷ কিন্তু অসমবাসীৰ সকলো দাবী–প্রতিবাদক ভৰিৰে মোহাৰি কেন্দ্রীয় চৰকাৰে সংসদত ‘কেব’ গৃহীত কৰিলে ৷

ছাত্র সমাজৰ ওপৰত লাঠীচার্জ, গুলীচালনা পর্যন্ত কৰা হ’ল ৷ এই আন্দোলনত মৃত্যু হোৱা দীপাঞ্জল দাস, ছেম ষ্টেফর্ড আৰু জিতেন্দ্র পাংগিঙক কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে শ্বহীদ ঘোষণা কৰিছে ৷ তেওঁলোকৰ মর্যাদা আৰু সন্মান ৰক্ষাৰ বাবে ছাত্র সমাজ বদ্ধপৰিকৰ ৷ তেওঁলোকক দুর্বৃত্ত হিচাপে প্রতিষ্ঠা কৰিব খোজা কার্য অতি গৰিহণাযোগ্য ৷
সংবাদ মেলত ছাত্রনেতাকেইগৰাকীয়ে কয় যে সংখ্যাৰ জোৰ আৰু কূটকৌশলেৰে ‘কা’ গৃহীত কৰা কার্য অসমবাসীয়ে মানি লোৱা নাই আৰু মানি নলয় ৷ ‘কা’ আঁতৰাই অসমবাসীৰ ভৱিষ্যৎ সুনিশ্চিত নকৰালৈকে অসমৰ ছাত্র সমাজে দিল্লী আৰু দিছপুৰৰ চৰকাৰৰ বিৰুদ্ধে সর্বাত্মক অহিংস আন্দোলন চলাই যাব ৷ লগতে সকলো চৰকাৰী আৰু শাসকীয় দলৰ ৰাজনৈতিক কার্যসূচী বর্জন কৰিবলৈও কটনিয়ানসকলে ৰাইজক আহ্বান জনায় ৷

সংবাদ মেলত তেওঁলোকে লগতে কয় যে অসমৰ সকলো শিক্ষানুষ্ঠানক সামৰি প্রতিবাদী কার্যসূচী নিয়াৰিকৈ চলাই নিবৰ বাবে এখন সমন্বয়ৰক্ষী সমিতি গঠনৰ কাম–কাজ আৰম্ভ কৰা হৈছে ৷ সমিতিখনে ভৱিষ্যতৰ আইনী কার্যসূচীও আগবঢ়াই নিব ৷ ইয়াৰ বাবে বুদ্ধিজীৱী–নাগৰিক সমাজৰ লগতে আইনজীৱীসকলৰো পৰামর্শ কামনা কৰিছে কটনিয়ানসকলে ৷

Featured
Comments (0)
Add Comment