প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে মুকলি বিৰোধিতা যাদৱ পায়েঙৰ

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণত গছ কটা প্ৰসংগ উল্লেখ কৰি ব্ৰহ্মপুত্ৰ পাৰৰ গছৰ সংৰক্ষণৰ দাবী অৰণ্য মানৱৰ

নিয়মীয়া বাৰ্তা,২০ নৱেম্বৰঃ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ বিৰোধিতাৰে প্ৰকৃতিপ্ৰেমীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । প্ৰস্তাৱিত দলংখন নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰ পাৰৰ দুই শতাধিক গছ কটা যাব । প্ৰকৃতি ধ্বংসৰ বিৰোধিতা আৰু গছৰ সুৰক্ষাৰ দাবীত মঙলবাৰে ভৰলুমুখৰ শংকৰদেৱ উদ্যানত উপস্থিত হৈ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে প্ৰকৃতিপ্ৰেমীৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে । উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বিৰোধিতা কৰি অৰণ্যমানৱ যাদৱ পায়েঙে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ লগতে উন্নয়নৰ বিৰোধিতা নকৰোঁ, কিন্তু উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস কৰি গছ কটা বিষয়টো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে । তদুপৰি গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক, ছাত্ৰসমাজ, দল-সংগঠন, প্ৰতিষ্ঠানক সামৰি এখন বিশেষজ্ঞ সমিতি গঠন কৰি ব্ৰহ্মপুত্ৰৰ পাৰৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায় । চীন, টাইৱান আদি ৰাষ্ট্ৰৰ দৰে প্ৰকৃতি সুৰক্ষাৰ পৰিকল্পনা গ্ৰহণ কৰি উন্নত কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তাৱিত দলংখন নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান জনায় । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক যিমান পাৰি গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰিবলৈও আহ্বান জনায় । উল্লেখ্য যে, সোণাৰাম মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ৩০০ জোপা গছ কটাৰ আশংকা আছে । প্ৰস্তাৱিত দলংখনৰ বিতং প্ৰকল্প প্ৰতিবেদন অনুসৰি এই দলংখনৰ নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালিপুৰলৈ বিস্তৃত সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বৃহৎ ক্ষতি হ’ব । এই অঞ্চলটোত থকা গছসমূহ নানা ধৰণৰ চৰাইৰ প্ৰজাতিৰ বাসস্থান । ইয়াৰ উপৰি এই গছবোৰৰ বেছিভাগেই পঞ্চাশ বছৰতকৈও অধিক পুৰণি । অঞ্চলটোৰ বহু লোকে তেওঁলোকৰ বাল্যকালৰ বেছিভাগ সময় এই বৃহৎ গছবোৰৰ তলত খেলা-ধূলা কৰিয়ে অতিবাহিত কৰিছিল । কিন্তু দুৰ্ভাগ্যৰ বিষয় এইটোৱে যে ৰাজ্যখনে দলং নিৰ্মাণৰ বাবে ডি পি আৰ প্ৰস্তুত কৰোঁতে স্থানীয় ৰাইজৰ লগত কোনো আলোচনা নকৰি নিজৰ মইমতালিৰে উক্ত ডি পি আৰ প্ৰস্তুত কৰে ।

Featured