প্ৰকৃতি সুৰক্ষা সজাগতাঃ চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা নিজৰাৰ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ সাম্প্রতিক সময়ত সমগ্র বিশ্বতে দেখা দিয়া জলবায়ু পৰিৱর্তন, ভয়াৱহ প্রদূষণ আৰু প্রাকৃতিক পৰিৱেশৰ প্রতি আহি পৰা ভাবুকি সন্দর্ভত উদ্বিগ্ন বিশ্বৰ প্রতিজন প্রকৃতিপ্রেমী ৷ আমাৰ দেশতো ভয়ানক ৰূপত বৃদ্ধি পাইছে প্রকৃতি ধ্বংস যজ্ঞ ৷ প্রকৃতিক সুৰক্ষিত কৰি মানৱ জাতিক সুৰক্ষা প্রদান কৰাৰ লগতে দেশত প্রকৃতি অধিকাৰ আইন প্রণয়ন কৰি বলৱৎ কৰাৰ দাবীৰে অসমৰ পৰা দিল্লীৰ ৰাষ্ট্রপতি ভৱনলৈ এককভাৱে পদযাত্রা কৰিবলৈ ওলাইছে চৰাইদেউ জিলাৰ এগৰাকী যুৱতী ৷ ‘বৃক্ষবন্ধু’ নামৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত এককভাৱে পদযাত্রা কৰিবলৈ ওলোৱা যুৱতীগৰাকী হৈছে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ দিচাংপানী লাইচেং গাঁও নিৱাসী বগাধৰ ফুকন আৰু অকণি ফুকনৰ কন্যা নিজৰা ফুকন ৷ যুৱতীগৰাকীয়ে সম্প্রতি জে এন ইউত অধ্যয়ন কৰি আছে ৷ শুকুৰবাৰে সোণাৰিত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা প্রকাশ কৰি যুৱতীগৰাকীয়ে কয় যে অসমৰ লগতে দেশৰ জনসাধাৰণৰ মাজত প্রকৃতিক সুৰক্ষা প্রদান কৰাৰ ক্ষেত্রত সজাগতা সৃষ্টি কৰাই এই পদযাত্রাৰ মূল উদ্দেশ্য৷ এই পদযাত্রাৰ লক্ষ্য হৈছে– ২০২০ চনৰ ভিতৰত সমগ্র ভাৰতবর্ষতে প্রকৃতিৰ অধিকাৰ আইন প্রণয়ন কৰি বলৱৎ কৰা, জৈৱ–বৈচিত্র্যৰ ৰম্যভূমি উত্তৰ–পূর্বাঞ্চলত ভাৰতবর্ষৰ প্রথমখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপন কৰা, পৰিৱেশ সুৰক্ষার্থে চৰকাৰৰ অধীনত পৰিৱেশ সুৰক্ষা বাহিনী গঠন কৰা, প্রতিমাহৰ প্রথমটো শনিবাৰে চৰকাৰী– বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানত পৰিৱেশ সুৰক্ষার্থে কাম কৰাৰ নীতি প্রৱর্তন কৰা, ভাৰত চৰকাৰৰ অধীনৰ প্রকৃতি আৰু পৰিৱেশ সুৰক্ষাৰ সকলো আইনৰ ব্যাপক প্রচাৰ–প্রসাৰৰ জৰিয়তে বাস্তৱ ৰূপায়ণ আৰু প্রয়োগ কৰা ব্যৱস্থা কৰা, পলিথিন আৰু প্লাষ্টিকৰ পৰিৱর্তে দেশত উপলব্ধ প্রাকৃতিক সম্পদেৰে ব্যৱহার্য সামগ্রী প্রস্তুত কৰা, কাঠৰ আচবাব নির্মাণৰ বাবে ব্যৱহার্য গছসমূহ পদ্ধতিগতভাৱে ৰোপণ কৰি কৃষি ব্যৱস্থা হিচাপে নীতি প্রৱর্তন কৰাই এই পদযাত্রাৰ মূল উদ্দেশ্য ৷ যুৱতীগৰাকীয়ে ১ ডিচেম্বৰৰ দিনা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্রৰ পৰা দিল্লী অভিমুখী পদযাত্রাৰ শুভাৰম্ভ কৰিব ৷ এইক্ষেত্রত যুৱতীগৰাকীক বিশেষকৈ মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ লগতে অসম চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়োৱা বুলি সংবাদ মেলত উল্লেখ কৰে ৷

Featured