প্ৰথমদিনটোতে নকল কৰি বাহিৰ হ’ল ২৩ জন

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমদিনটোতে নকল কৰি বিভিন্ন কেন্দ্ৰৰ পৰা বাহিৰ হ’ল ২৩ জনকৈ ছাত্ৰ-ছাত্ৰী । ধুবুৰীৰ চাপৰৰ বহলপুৰৰ ৰায়ঝৰা উচ্চতৰ মাধ্যমিক কেন্দ্ৰৰ আৰু শালকোচা উচ্চতৰ মাধ্যমিক কেন্দ্ৰত নকল কৰি বহিস্কৃত হ’ল ১৭ জনকৈ ছাত্ৰ-ছাত্ৰী ।

ইফালে, প্ৰথম দিনটোতেই হাইলাকান্দিৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ৫ জন আৰু গোলাঘাটৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা এজন ছাত্ৰক নকল কৰাৰ বাবে বাহিৰ কৰা হয় ।

Featured
Comments (0)
Add Comment