APDCL ৰ ৰাইজলৈ বিশেষ আহ্বানঃ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ ৯ মিনিটত আপোনালোকে নকৰিব এইকেইটা কাম

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে আজি নিশা ৯ বজাত সমগ্ৰ দেশেই প্ৰজ্বলন কৰিব বন্তি । ক’ৰোনাৰ আন্ধাৰ দূৰ কৰিবলৈ মাটিৰ চাকি, ম’ম আৰু মোবাইলৰ ফ্লেচ লাইট আদি জ্বলাব দেশৰ জনতাই ।

ইপিনে প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ সমান্তৰালকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডেও জনাইছে ৰাইজলৈ এক গুৰুত্বপূৰ্ণ আহ্বান ।

এই আহ্বানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে কৈছে- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান ক্ৰমে ০৫.০৪.২০২০ তাৰিখে ৰাতি ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইটসমূহ বন্ধ কৰাৰ যি কৰ্মসূচী লোৱা হৈছে, সেই সময়ত চিকিৎসালয়, আৰক্ষী থানা আদি অত্যাৱশ্যকীয় সেৱাৰ লগতে ষ্ট্ৰীট লাইটসমূহত বিদ্যুৎ যোগান অব্যাহত থাকিব। নিষ্প্ৰদীপ কাৰ্য্যসূচীৰ সময়ত ঘৰসমূহত কম্পিউটাৰ, টি ভি, ফ্ৰিজ, ফেন, এ চি আদি আন বৈদ্যুতিক উপকৰণসমূহ আৰু ফ্লেটবোৰত লিফট্ আদিও চলাই ৰাখিব পাৰিব। এই সময়চোৱাত কোনেও যেন ঘৰৰ মেইন ছুইচ অফ কৰি নথয়।”

  • এই সময়ছোৱাত কম্পিউটাৰ, টি ভি, ফ্ৰিজ, ফেন, এ চি আদি আন বৈদ্যুতিক উপকৰণসমূহ আৰু ফ্লেটবোৰত লিফট্ আদি বন্ধ নকৰিব
  • কেৱল লাইট হে অফ কৰি ৰাখিব
  • ৰাজহুৱা স্থানৰ লাইট জ্বলাই ৰাখক
  • ঘৰৰ মেইন ছুইচ অন কৰি ৰাখিব

উল্লেখ্য যে পাৱাৰগ্ৰীডৰ সুস্থিৰতা বৰ্তাই ৰাখিবৰ বাবে ৰাজ্যৰ জনতাক এই আহ্বান কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ।

 

Featured
Comments (0)
Add Comment