প্ৰাক্তন ছাত্ৰনেতা শশধৰ কাকতিৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শশধৰ কাকতিৰ মৃত্যু । বুধবাৰে নিশা প্ৰায় ১১.৩০ বজাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই । গুৰুতৰভাৱে স্বাস্থ্যৰ অৱনতি ঘটাত দীৰ্ঘদিন ধৰি এপ’ল হাস্পতালত চিকিৎসাধীন হৈ আছিল শশধৰ কাকতি । ঐতিহাসিক অসম আন্দোলনৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল এইগৰাকী প্ৰাক্তন ছাত্ৰনেতাই ।

ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ কাৰ্যকাল শেষ হোৱাৰ পাচত তেওঁ বৰপেটাত বৰপীঠ প্ৰিণ্টাৰ্ছ নামৰ এটা ছপাশালৰ লগতে সাপ্তাহিক বৰপীঠ নামৰ এখনো কাকতো প্ৰকাশ কৰে শশধৰ কাকতিয়ে ।

Featured
Comments (0)
Add Comment