পৰ্যটনস্থলী কৰা হ’ব গহপুৰৰ কল্যাণী দেৱালয়ক

গহপুৰত নৱনিৰ্মিত চাৰ্কিট হাউছ-কোষাগাৰ উদ্বোধন ডঃ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ “যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে গহপুৰবাসীক আমি আশ্বাস দিছিলোঁ যে কল্যাণী দেৱালয়ক পৰ্যটকস্থলীৰূপে প্ৰতিস্থা কৰা হ’ব । আজি আমি এই ঐতিহগাসিক দিনত উপনীত হৈছোঁ । অসম দৰ্পন আঁচনিৰ জৰিয়তে কল্যাণী দেৱালয়ৰ আন্তঃগাথনিৰ লগতে ৰাষ্ট্ৰীয় ঘাইপছথৰ পৰা মন্দিৰলৈ সোমাই যোৱা পথ বহল কৰি আটকধুনিয়াকৈ নিৰ্মাণ কৰা হ’ব ।”- গহপুৰত এখন ৰাজহুৱা সভাত এই মন্তব্য ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

কল্যাণী দেৱালয়ৰ আধাৰশিলা স্থাপনৰ সময়ত ডঃ শৰ্মা

ঐতিহ্যমণ্ডিত গহপুৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰে । লগতে গহপুৰত যাতায়তৰ সু ব্যৱস্থা, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ হাতত লোৱাৰ কথা অৱগত কৰে মন্ত্ৰী গৰাকীয়ে । ইপিনে গহপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা লেখক প্ৰয়াত কোষেশ্বৰ বৰুৱা, অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুটুম আৰু চাহ বাগিছাৰ নেতা প্ৰয়াত ডেনিয়েল টপ্নৰ স্মৃতিত এটাকৈ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনাও হাতত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে অসমত ২,৫০০ খনৰো অধিক থান আছে, যাৰ ভিতৰত প্ৰথম পৰ্যায়ত ১০০৮ খন থানৰ উন্নয়নৰ বাবে ১০ লাখ টকাকৈ আন্তঃগাথনি উন্নয়নৰ বাবে প্ৰদান কৰা হৈছে । এই আঁচনিৰ ভিতৰত কল্যাণী দেৱালয়কো ধৰা হৈছে ।

DR. HIMANTA BISWA SARMAFeaturedডঃ হিমন্ত বিশ্ব শৰ্মা