ফকিৰগঞ্জৰ শালকাটাত ৭ বছৰীয়া শিশুৰ পানীত পৰি অকাল মৃত্যু

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ শালকাটাত ৭ বছৰীয়া শিশু এটিৰ পানীত পৰি অকাল মৃত্যু হয় । জানিব পৰা মতে, বুধবাৰে দিনৰ ভাগত শালকাটা গাঁৱৰ দেৱান আব্দুল ছামাদৰ পুত্ৰ দেৱান মুক্তাছিৰ (৭) নিখোজ হয়। সন্ধিয়াৰ ভাগত এটা পুখুৰীত পানীত ওপঙি থকা অৱস্থাত শিশুটোক মৃত অৱস্থাত উদ্ধাৰ কৰে স্হানীয় ৰাইজে । শিশুটো মৃত অৱস্থাত উদ্ধাৰৰ পিছতেই শিশুটিৰ পৰিয়ালৰ লগতে শালকাটা অঞ্চলজুৰি এক শোকাকুল পৰিৱেশ বিৰাজ কৰে । উল্লেখ্য যে বুধবাৰে নিশাই ফকিৰগঞ্জ আৰক্ষীয়ে শিশুটিৰ মৃতদেহ ফকিৰগঞ্জ থানালৈ লৈ আনে আৰু আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে।

প্ৰেৰক ফাৰহাদ আহমেদ

Featured