ফেচবুক প্ৰেমঃ চাৰিদিনত দুই যুৱতী বিয়া কৰাই অন্তৰ্ধান যুৱক

নিয়মীয়া বার্তা,২৫ নৱেম্বৰঃ লখিমপুৰ জিলাৰ শিমলুগুৰিৰ নিমুৰিৰ প্রশান্ত বৰুৱা নামৰ এজন যুৱকে চাৰি দিনৰ ভিতৰতে দুগৰাকী যুৱতীক বিয়া কৰাই ৰাইজৰ ৰোষত পৰাৰ ভয়ত অন্তর্ধান হৈছে ৷ প্রাপ্ত তথ্য অনুসৰি, ছমাহ পূর্বে নাৰায়ণপুৰৰ কিনাপথাৰৰ এগৰাকী যুৱতীক প্রশান্তই ফেচবুকত প্রলোভনেৰে জালত পেলাই সংসাৰ পতাৰ মিছা সপোন দেখুৱাইছিল ৷ যোৱা শনিবাৰে যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্রতিশ্রুতিৰে নাৰায়ণপুৰলৈ নিশা ফোনযোগে মাতি আনি ৰাজপথত এৰি দিয়ে যুৱতীগৰাকীক ৷ উপায়বিহীন হৈ যুৱতীগৰাকীয়ে নিশাৰ ৰাজপথত প্রতাৰণাৰ সন্মুখীন হৈ কান্দোনত ভাগি পৰে ৷ ৰাজপথত যুৱতীগৰাকীৰ কান্দোন দেখি ৰাজপথেৰে অহা–যোৱা কৰি থকা পথচাৰীসকলে হৈ–চৈ লগোৱাত একাংশ সচেতন নাগৰিক উক্ত স্থানত উপস্থিত হয় ৷ তেওঁলোকে যুৱতীগৰাকীক উদ্ধাৰ কৰি যুৱতীগৰাকীক পৰিয়ালক চমজাই দিয়ে ৷ পৰিয়ালৰ লোকে প্রেমিক প্রশান্ত বৰুৱাৰ পৰিয়ালক এই ঘটনা অৱগত কৰাৰ পাছতে যুৱকজনৰ মাতৃগৰাকী যুৱতীগৰাকীৰ ঘৰত উপস্থিত হয় ৷ যুৱক আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ বুজাবুজিত যুৱতীগৰাকীক নিশাই গাঁৱৰ ৰাইজৰ উপস্থিতিত সকলোকে এসাঁজ খুৱাই বিয়া কৰাই লৈ যায় প্রেমিক প্রশান্ত বৰুৱাই ৷ চাৰি দিন সুখেৰে কটোৱাৰ পাছত ২০ নৱেম্বৰত যুৱকজন কামলৈ বুলি দোৰপাঙলৈ ওলাই যায় ৷ দিনৰ দিনটো ঘৰলৈ উভতি নহা যুৱকজনে মঙলবাৰে পুৱতি নিশা চাৰি দিন পূর্বে বিয়া কৰোৱা যুৱতীগৰাকীক অনলাইন আহিবলৈ কয় আৰু ধলপুৰৰে আন এগৰাকী যুৱতীক লৈ ৰে’লেৰে বাংগালুৰু অভিমুখে ৰাওনা হোৱা বুলি অৱগত কৰে ৷ যুৱতীগৰাকীয়ে প্রেমিকৰ এনে কর্মকাণ্ডৰ পিছতে পুৱাই নিজৰ মাতৃ আৰু যুৱকজনৰ মাতৃগৰাকীক লৈ ন্যায় বিচাৰি শিমলুগুৰি আৰক্ষী চকীত উপস্থিত হয় ৷ ফেচবুকত ছলনাৰে প্রেমৰ জাল পেলাই চাৰি দিনত দুগৰাকী যুৱতী অনা প্রশান্তৰ এনে কাণ্ডই হতবাক কৰি তুলিছে সকলোকে ৷

Featured