বগা ডিভাইদাৰ আৰু দেৱালত আকৌ ‘পিকৰাজ’ৰ চকু !

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ৰাজধানী চহৰ গুৱাহাটীক সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে প্ৰশাসনে আৰম্ভ কৰিছে কেতবোৰ বিশেষ কাৰ্যসূচী । এই কাৰ্যসূচী অনুসৰি এতিয়া গুৱাহাটীৰ মাজমজিয়াৰ ডিভাইদাৰ আৰু দেৱাল সমূহত আটকধুনীয়াকৈ চূণ-তেল সানিছে বিভাগীয় কৰ্তৃপক্ষই । কিন্তু ইমানৰ পাচতো যেন একাংশ সম্ভ্ৰান্ত মহানাগৰিকে বিচৰা নাই আপোন মহানগৰখনি পৰিস্কাৰ হৈ থকা । কিয়নো দুটা দিন পূৰ্বে গণেশগুৰিৰ পৰা খ্ৰীষ্টানবস্তিলৈকে সুন্দৰ ৰূপত ডিভাইদাৰসমূহত সনা হৈছে ৰং । অৱশ্যে এই দুটা দিনো সুকলমে যেন পাৰ নহ’ল । মহানগৰীৰ অলিয়ে-গলিয়ে সততে দেখা তামোল অথবা গুটখাৰ পিকেৰে যেন পুনৰ এক নতুন ফুল বাচিলে একাংশ ‘পিকৰাজ’এ । বৃহস্পতিবাৰৰ দিনটোত নতুন ৰঙেৰে সজাই তোলা এইসমূহ ডিভাইদাৰত পুনৰ দেখা গ’ল ৰঙা ৰঙা পিকৰ দাগ । উল্লেখ্য যে, বুধবাৰে এইসমূহ ডিভাইদাৰক পিকৰ পৰা ৰোধিবলৈ কৰ্তৃপক্ষই পলিথিনৰ আৱৰণেৰে বান্ধি ৰাখিছিল । এতিয়া প্ৰশ্ন হয় গুৱাহাটী পৰিস্কাৰৰ নামত চৰকাৰ তথা কৰ্তৃপক্ষই গ্ৰহণ কৰা ব্যৱস্থাসমূহক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ ক্ষেত্ৰত অগ্ৰণী অৱদান আছে এইসকল সম্ভ্ৰান্ত মহানাগৰিকৰ ।

Featured
Comments (0)
Add Comment