বঙাইগাঁৱৰ উত্তৰ মাজগাঁৱত প্ৰকাণ্ড বনৰৌ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ দেওবাৰে সন্ধিয়া বঙাইগাঁও বন বিভাগৰ বিশেষ সুৰক্ষা বাহিনীৰ দল এটাই অভিযান চলাই প্ৰকাণ্ড বনৰৌ এটা উদ্ধাৰ কৰে ৷ দলটোৱে এক গোপন সূত্ৰৰ পমখেদি চহৰখনৰ সমীপৱৰ্তী উত্তৰ মাজগাঁওস্থিত অসামৰিক চিকিৎসালয়ৰ সমীপত অভিযান চলাই এই দুষ্প্ৰাপ্য বনৰৌটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে As-01AW-9486 নম্বৰৰ চুইফট ডিজেয়াৰ বাহন এখনত তালাচী চলাই ১ মিটাৰ দৈৰ্ঘৰ প্ৰকাণ্ড বনৰৌটো উদ্ধাৰ কৰে ৷ পিছত বাহনখনত থকা তিনি কুখ্যাৎ চোৰাং ব্যৱসায়ী ক্ৰমে ধুবুৰীৰ চাপৰৰ ইলিয়াচ আহমেদ আৰু মোঃ জমুৰউদ্দিন আৰু চিৰাঙৰ বিকাশ চেত্ৰীক আটক কৰে ৷ উদ্ধাৰকৃত বনৰৌটোৰ বজাৰ মূল্য ২৫ লক্ষ্যাধিক টকা বুলি বন বিভাগে জানিব দিছে ৷ ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱত ৷

Comments (0)
Add Comment