বছৰৰ প্রথম দিনটোতে চাকৰি গ’ল ১৫০০জনৰ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ নতুন বছৰৰ প্রথম দিনটোত সমগ্র ৰাজ্যবাসী আনন্দ–উল্লাসত ব্যস্ত হৈ থকাৰ সময়তে দুঃসংবাদ লাভ কৰিলে ভিন্ন প্রান্তত কর্মৰত প্রায় ১,৫০০ আয়ুষ্মান মিত্র আৰু আৰোগ্য মিত্রসকলে ৷ বিগতদুবছৰ ধৰি স্বাস্থ্যসেৱাৰ সৈতে জড়িত আয়ুষ্মান মিত্র আৰু আৰোগ্য মিত্রসকলে বছৰৰ প্রথম দিনটোতে হেৰুৱাবলগীয়া হয় কর্মসংস্থাপন ৷ স্বাভাৱিকতে এই দুঃসংবাদে ক্ষুব্ধ কৰি তোলা আয়ুষ্মান মিত্র আৰু আৰোগ্য মিত্রসকলে সোমবাৰে প্রতিবাদ সাব্যস্ত কৰে উলুবাৰীস্থিত এম ডি ইণ্ডিয়াৰ কার্যালয়ত ৷

পাঁচ শতাধিক আয়ুষ্মান আৰু আৰোগ্য মিত্রই কার্যালয়টোত গোট খাই হাতযোৰ কৰি সংশ্লিষ্ট কর্তৃপক্ষক চাকৰি ঘূৰাই দিবলৈ আহ্বান জনায় ৷ ভুক্তভোগী কর্মচাৰী উজ্জ্বল বৰাই সদৰী কৰা অনুসৰি ‘ষ্টেট ন’ডেল চেল’ৰ অধীনত এম ডি ইণ্ডিয়া আৰু মেডি এছিষ্টৰ তত্ত্বাৱধানত আয়ুষ্মান আৰু আৰোগ্য মিত্রসকলে কাম কৰি আহিছে ৷ বিগত এক জানুৱাৰীৰ পৰা ব্যক্তিগত হাস্পতালত কর্মৰত আয়ুষ্মান আৰু আৰোগ্য মিত্রসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ সোমবাৰে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা সমৱেত হোৱা আয়ুষ্মান আৰু আৰোগ্য মিত্রসকলে প্রতিবাদী কার্যসূচীৰ অন্তত এম ডি ইণ্ডিয়াৰ কর্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয় ৷

অৱশ্যে এই আলোচনা যথেষ্ট ইতিবাচক বুলি উল্লেখ কৰি বৰাই কয়– এম ডি ইণ্ডিয়াই অসমৰ সমস্যা সমাধানত আশ্বাস দিছে ৷ আজি পুনৰ ছয়মাইলস্থিত ষ্টেট ন’ডেল চেলৰ কার্যালয়ত সমৱেত হৈ পুনৰ চাকৰিত নিযুক্তি দিবলৈ আহ্বান জনাব বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে আয়ুষ্মান আৰু আৰোগ্য মিত্রসকলক হাস্পতাল সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছিল৷ প্রায় দুবছৰ পূর্বৰ পৰা তেওঁলোকক নিযুক্তি প্রদান কৰিছিল ৷ অৱশ্যে চৰকাৰী হাস্পতালসমূহত কর্মৰত আয়ুষ্মান আৰু আৰোগ্য মিত্রসকলৰ চাকৰি বর্তমানেও অব্যাহত আছে ৷

Featured
Comments (0)
Add Comment