বন্যহস্তীৰ উপদ্ৰৱত গছত আশ্ৰয় বৃদ্ধ দম্পতীৰ

ঘৰ হেৰুৱাই গছত আশ্ৰয় লোৱা হৃদয়বিদাৰক দৃশ্যই জোকাৰি গৈছে ৰাজ্য

বিকাশ শৰ্মা,১৯ নৱেম্বৰঃ সমগ্ৰ মানৱ সমাজক জোকাৰি যোৱা এক হৃদয়বিদাৰক কাহিনী । জীৱনৰ শেষ সময়ছোৱাত এডাল গছেই একমাত্ৰ আশ্ৰয়ত পৰিণত হৈছে এক দম্পতীৰ বাবে । বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই বিগত ১০ দিন ধৰি এজোপা গছৰ ওপৰত জীৱন কটাবলগীয়া হৈছে ওদালগুৰি জিলাৰ বধুৱা খেৰিয়া আৰু মুংলী খেৰিয়া নামৰ বৃদ্ধ দম্পতীয়ে । কিছুদিন আগলৈ নিজৰ আপোন ঘৰখনত অতি সুখেৰে জীৱন নিৰ্বাহ কৰিছিল উক্ত দম্পতীয়ে । কিন্তু যোৱা ৯ নৱেম্বৰত এওঁলোকৰ জীৱনৰ বাবে অভিশাপ হৈ নামি আহিল বন্য গজৰাজ । উক্তদিনাই গজৰাজে এই দম্পতীৰ খেতিপথাৰ লণ্ড ভণ্ড কৰাৰ লগতে চকুৰ সন্মুখতে ভাঙি চূৰমাৰ কৰে তেওঁলোকৰ মৰমৰ আপোনাৰ ঘৰখন । ইয়াৰ পাছৰে পৰা আশ্ৰয়হীন হৈ পৰা এই দম্পতীয়ে প্ৰাণৰ মমতাত আশ্ৰয় লৈছে ওদালগুৰি জিলাৰ ভূটীয়াঙৰ চাওতালবস্তি গাঁৱৰ এডাল বৃক্ষত । বৃদ্ধ দম্পতীয়ে গছৰ ওপৰতে এখন টিনৰ চালি বনাই সাজিছে আন এটা নতুন ঘৰ । আদিম মানৱৰ লেখীয়াকৈ দিন-ৰাতি একাকাৰ কৰি গছৰ ওপৰতে এওঁলোকে পাৰ কৰিছে জীৱনৰ দুৰ্বিষহ সময় । আত্মীয় বুলিবলৈ গাঁওখনৰ একাংশ লোকে অকণমান সহায় কৰিছে যদিও খবৰ ল’বলৈ আহৰি নাই ৰজাঘৰীয়াৰ । কোনোবাই কিবা অলপ খাব দিলেহে ক্ষুধা নিবাৰণ হয় বধুৱা আৰু মুংলীৰ । অন্যথা অনাহাৰে থাকিব লাগে এই দম্পতী । এক অৰ্থত এই দম্পতীৰ পিন্ধিবলৈ নাই কাপোৰ , খাবলৈ নাই ভাত, থাকিবলৈ নাই ঘৰ । একমাত্ৰ নেদেখাজনৰ শৰণাপন্ন হৈ গছৰ ওপৰতে পাৰ কৰিছে জীৱনৰ দুৰ্বিষহ সময় । এক জীয়া বাস্তৱৰ এখন কৰুণ প্ৰতিচ্ছবিয়ে জোকাৰি গৈছে সমগ্ৰ মানৱ সমাজক । দেওবাৰে এই দম্পতীৰ জীৱনৰ কৰুণ গাথা নিউজ লাইভত সম্প্ৰচাৰ হোৱাত আগবাঢ়ি আহিছে একাংশ হৃদয়বান লোক । সোমবাৰে ভূটীয়াচং ভিচিডিৰ সভাপতি আব্দুল মৈদানে বৃদ্ধ বধুৱা খেৰিয়াক মন্ত্ৰী ৰিহণ দৈমাৰীৰ বাসগৃহলৈ লৈ যায় । মন্ত্ৰীগৰাকীয়ে বুজ লয় সমগ্ৰ ঘটনাৰ । ইয়াৰ বিপৰীতে সোমবাৰে ওদালগুৰি জিলা প্ৰেছ গীল্ডৰ সভাপতি কনেশ্বৰ ডেকা, সম্পাদক ৰিপুঞ্জয় নাথ, জিতুমণি ডেকা, নিপু কাকতি, ধনমণি বৰ্মন আৰু নীলোতপল দাসে চাউল , দাইল, চেনিকে ধৰি প্ৰায় ১০ দিনৰ খাদ্য সামগ্ৰী যোগান ধৰে বৃদ্ধ দম্পতীক । লগতে প্ৰকৃতিপ্ৰেমী নৱজ্যোতি বৰুৱাই দুখন কম্বল আৰু ৰবীন গোৱালাই কিছু সাহাৰ্য প্ৰদান কৰে । কিন্তু গছৰ পৰা কেতিয়া এই দম্পতী নামি আহিব পাৰে তাৰ কোনো নিশ্চয়তা নাই । উল্লেখ্য যে, চলিত বৰ্ষত ওদালগুৰি জিলাত বনৰীয়া হাতীৰ আক্ৰমণত ২৫ জন মানুহৰ মৃত্যু হোৱাৰ বিপৰীতে ৭ টা বনৰীয়া হাতীৰ মৃত্যু হৈছে । হাতী মানুহৰ সংঘাতৰ এখন কৰুণ ছবিয়ে মানৱ সমাজলৈ কঢ়িয়াই আনিছে আন এক অশনি সংকেত ।

Featured