বহিঃৰাজ্যলৈ মানৱ সৰবৰাহঃ বাংগালুৰুত উদ্ধাৰ অসমৰ ৩ কিশোৰী

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ ৰাজ্যখনত অতিসম্প্রতি বৃদ্ধি পাইছে মানৱ সৰবৰাহকাৰী ৷ নিবনুৱা সমস্যাৰ গইনা লৈ দুষ্টচক্রই প্রতিদিনে অসমৰ ভিতৰুৱা অঞ্চলৰ পৰা সৰবৰাহ কৰি আহিছে মানৱ সম্পদ ৷ এনে এক ঘটনা সংঘটিত হৈছে বাগ্সা জিলাৰ নাগ্রীজুলিত ৷ প্রাপ্ত তথ্য অনুসৰি, কিছুদিন পূর্বে বৃহত্তৰ নাগ্রীজুলি অঞ্চলৰ তিনিগৰাকী কিশোৰীক কাম দিয়াৰ প্রলোভনেৰে নাগ্রীজুলিৰ দেউচুঙা অঞ্চলৰ শুক্লা দাস নামৰ লোক এজনে ৰঙিয়াৰ পৰা ৰে’লযোগে বাংগালুৰুলৈ পঠিয়াইছিল৷ কিশোৰী তিনিগৰাকীয়ে বাংগালুৰুৰ পৰা কর্ণাটকলৈ যোৱাৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে বাংগালুৰুৰ ‘তালাচ’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই কিশোৰীকেইগৰাকীক সোধা–পোছা কৰে৷ কিশোৰীকেইগৰাকীৰ পৰা কোনো সদুত্তৰ নোপোৱাত ‘তালাচ’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে কিশোৰীকেইগৰাকী দুষ্ট চক্রৰ কবলত পৰা বুলি নিশ্চিত হয়৷ লগে লগে স্বেচ্ছাসেৱী সংস্থাটোৱে বাংগালুৰুস্থিত চি ডব্লিউ চিৰ লগত যোগাযোগ কৰি কিশোৰী তিনিগৰাকীক চি ডব্লিউ চিক গতাই দিয়ে আৰু তেতিয়াৰ পৰা চি ডব্লিউ চিয়ে কিশোৰীকেইগৰাকীক তেওঁলোকৰ জিম্মাত ৰাখি বাগ্সা জিলা আৰক্ষীৰ লগত যোগাযোগ কৰে৷ কিশোৰীকেইগৰাকী সন্দর্ভত বাগ্সা আৰক্ষীয়ে তামুলপুৰ আৰক্ষী থানা আৰু নাগ্রীজুলি আৰক্ষী চকীত যোগাযোগ কৰি তদন্তৰ নির্দেশ দিয়ে৷ তামুলপুৰ আৰু নাগ্রীজুলি আৰক্ষীয়ে তদন্ত কৰি কিশোৰীকেইগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি পৰিয়ালসমূহ চিনাক্ত কৰে৷ যোৱা ১৮ নৱেম্বৰত তামুলপুৰ আৰু নাগ্রীজুলিৰ পৰা এটা আৰক্ষীৰ দল বাংগালুৰুলৈ ৰাওনা হয় আৰু চি ডব্লিউ চিৰ লগত যোগাযোগ কৰি কিশোৰীকেইগৰাকীক উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ আনে৷ কিশোৰীকেইগৰাকীৰ ভাষ্য অনুসৰি তামুলপুৰ আৰক্ষীয়ে শুক্লা দাসৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অসীম বৰাই জানিবলৈ দিয়া মতে শুক্লা দাস বর্তমান পলাতক অৱস্থাত আছে৷ তামুলপুৰ আৰক্ষীয়ে শুক্লা দাসক আটক কৰিবলৈ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে ৷

Featured