বহিৰাগতৰ হাতলৈ যাব নীপকো ! এপ্ৰিলত সম্পন্ন হ’ব ক্ৰয় বিক্ৰয় প্ৰক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ থলুৱা হিচাপে থকা স্বকীয়তা হেৰুৱাব উত্তৰ-পূব বিদ্যৎ শক্তি নিগম চমুকৈ নীপকোৱে । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পূৰ্বতে ঘোষণা কৰা অনুসৰি নীপকোক হস্তান্তৰ কৰা হ’ব এন টি পি চিক । পিছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে এন টি পি চিয়ে নীপকো ক্ৰয় কৰিলেও উত্তৰ-পূৰ্বাঞ্চলত শক্তিখণ্ডৰ একমাত্ৰ প্ৰতিষ্ঠান হিচাপে নীপকোত এতিয়া চলিব বহিৰাগতৰ দপদপনি ।

লক্ষণীয়ভাৱে ভাৰতৰ প্রতিযোগিতা আয়োগে (চি চি আই) নীপকোৰ এশ শতাংশ অংশীদাৰিত্বই এন টি পি চিক প্রদান কৰাৰ অনুমতি দিছে৷ এক প্রেছ বিজ্ঞপ্তিযোগে আয়োগৰ পৰা এই কথা ঘোষণা কৰা হৈছে৷ লক্ষণীয়ভাৱে নীপকোৰ বর্তমান মেনেজমেণ্টৰ লগতে বিষয়া–কর্মচাৰীসক নিগমৰ এশ শতাংশ অংশীদাৰিত্ব এন টি পি চিক বিক্রী কৰাটো কোনোপধ্যেই মানি ল’ব পৰা নাই৷ কাৰণ লাভজনক প্রতিষ্ঠান হিচাপে নীপকোৰ আংশিক অংশীদাৰিত্ব চৰকাৰৰ ৰাখিব লাগিছিল বুলি তেওঁলোক দাবী কৰিছিল৷ ইয়াৰ ফলত নীপকোৰ স্বতন্ত্রতা সম্পূর্ণৰূপে হ্রাস পাব৷ ইপিনে নীপকোৰ এটা শীর্ষ সূত্রই প্রকাশ কৰা মতে, এন টি পি চিয়ে নীপকোৰ অংশীদাৰিত্ব ক্রয় কৰাৰ পিছতেই ব্যাপকসংখ্যক কম্ চাটাই কৰিব৷

উল্লেখ্য যে বর্তমানে প্রতিষ্ঠানটোত ২,৩০০জন লোক কর্মৰত আছে৷ আৰু ইয়াৰ ৯০ শতাংশই হৈছে অসম তথা ডত্তৰ–পূর্বাঞ্চলৰ থলুৱা লোক৷ এন টি পি চিয়ে নীপকো ক্রয় কৰাৰ পিছত ইয়াৰ ফল ওলোটা হ’ব বুলি সূত্রটোৱে আশংকা ব্যক্ত কৰিছে৷ কম্ চাটাইৰ লগতে নিগমত বহিঃৰাজ্যৰ কর্মচাৰী ভৰি পঢ়িব৷ তদুপৰি বর্তমানৰ বহু কম্ক ভিন্ন ৰাজ্যলৈ বদলি কৰাৰো সম্ভাৱনা আছে৷ সূত্রটোৱে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে বহুতে ভাবিছে যে কেন্দ্রীয় চৰকাৰে নিজৰ শক্তিখণ্ডৰ ব্যৱসায়িক প্রতিষ্ঠান এটাক ৰাজহুৱা খণ্ডৰ আন এটা প্রতিষ্ঠানক হস্তান্তৰ কৰিব৷ পিছে এই কথাৰ কোনো ভিত্তি নাই৷ কেন্দ্রীয় চৰকাৰে নীপকোবিক্রী কৰি এন টি পি চিৰ পৰা এক বিপুল পৰিমাণৰ ধন লাভ কৰিব৷ কেতিয়াও লোকচানৰ সন্মুখীন নোহোৱা তথা এটা লাভজনক প্রতিষ্ঠান বিক্রী কৰি কেন্দ্রই ৰাজভঁৰালহে বৃদ্ধি কৰিব বিচাৰিছে৷ এয়া হৈছে কেন্দ্রৰ বিলগ্ণীকৰণ নীতিৰহে বহিঃপ্রকাশ৷ ডল্লেখ্য যে নীপকোৰ শেহতীয়া মূলধন হৈছে মুঠ ৫,০০০ কোটি টকা৷ আনহাতে সূত্রটোৱে প্রকাশ কৰা মতে, এন টি পি চিৰ এটা দলে ইতিমধ্যে নীপকোৰ প্রকল্প ক্ষেত্রসমূহ পৰিভ্রমণ কৰাৰ লগতে বিষয়া–কর্মচাৰীসক তালিকাও লৈ গৈছে৷ প্রকল্পটোৰ বাবে কিমানসংখ্যক কর্মচাৰীৰ প্রয়োজন, সেয়া এন টি পি চি কর্তৃপক্ষই বিবেচনা কৰিব তথা কিমানক চাটাই কৰিব লাগে সেই সিদ্ধান্ত ল’ব৷ পিছে এটা লাভজনক প্রতিষ্ঠান হিচাপে নীপকোৰ ভিতৰুৱা কিছুমান কথাও সূত্রটোৱে দাঙি দৰিছে৷

শেহতীয়াকৈ নীপকোৱে ডত্তৰ–পূর্বাঞ্চলত ১,৪৫৭ মেগাৱাট বিদ্যুৎ ডৎপাদন কৰি আছে৷ ইডনিটৰ হিচাপত বিদ্যুতৰ পৰিমাণ হৈছে ৬১,০৪০ লাখ ইডনিট৷ বিগত বিত্তীয় বর্ষত অর্থাৎ ২০১৮–১৯ চনত নীপকোৱে ২০০৭.০৪ কোটি টকাৰ বিদ্যুৎ বিক্রী কৰিছিল৷ আয় কৰিছিল ২,০০৭.০৪ কোটি টকা৷ ইয়াৰ ভিতৰত লাভ হৈছিল ৪৫১.৫৮ কোটি টকা৷ বাস্তৱত নীপকোৰ লাভাংশ প্রতিবছৰে বৃদ্ধিহে পাই আহিছিল৷ ২০১৬–১৭ চনত নীপকোৰ মুঠ লাভ আছিল ৩৬.২৫ কোটি টকা৷ ২০১৭–১৮ চনত লাভ আছিল ৪০২.৭১ কোটি টকা৷ সেয়েহে এনে এক লাভজনক প্রতিষ্ঠানক কেন্দ্রই কিয় বিক্রী কৰিব লাগে, সেই প্রশ্ণই ডত্থাপন কৰিছে নীপকোৰ মেনেজমেণ্টে৷ মন কৰিবলগীয়া যে কর্মী চাটাইৰ বাবে এনটিপিচিয়ে এতিয়া ডঠিপৰি লাগিছে যদিও সূত্রটোৱে প্রকাশ কৰা মতে, নীপকোৰ এজন কম্ৰ বিনিময়ত প্রতিবছৰে প্রায় ১.৬ মেগাৱাট বিদ্যুৎ ডৎপাদিত হয়৷ ডল্লেখ্য যে ডত্তৰ–পূর্বাঞ্চলৰ বিদ্যুৎ চাহিদাৰ ৪০ শতাংশই নীপকোৱে যোগান ধৰি আহিছে৷ তদুপৰি ডত্তৰ–পূর্বাঞ্চলৰ প্রতি দহখন ঘৰৰ ভিতৰত চাৰিখন ঘৰতেই নীপকোৱে বিদ্যুৎ সৰবৰাহ কৰে৷ আনহাতে নীপকো হৈছে দেশৰ একমাত্র ৰাজহুৱা খণ্ডৰ বিদ্যুৎ ডৎপাদনকাৰী প্রতিষ্ঠান, যিয়ে একেলগে জলবিদ্যুৎ, তাপবিদ্যুৎ আৰু সৌৰবিদ্যুৎ উৎপাদন কৰিব পাৰে৷ এনে এটা গুৰুত্বপূর্ণ তথা লাভজনক প্রতিষ্ঠানক কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে যোৱা বছৰ নৱেম্বৰত বিক্রী কৰা হ’ব বুলি কেন্দ্রীয় কেবিনেট কমিটীয়ে গ্রহণ কৰা সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল৷

Featured
Comments (0)
Add Comment