বহু প্ৰতীক্ষিত টেটৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ উচ্চ প্ৰাথমিক, নিম্ন প্ৰাথমিক টেটৰ ফলাফলসমূহ আজি পুৱা ঘোষণা কৰা হৈছে । নিম্ন প্ৰাথমিক পৰ্যায়ত মুঠ ১৮,৯০৬ গৰাকী প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে । এই টেটৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা আছিল ২,৩০,৫৩২ । ইয়াৰে ২,১৮,১৬৪ গৰাকী প্ৰাৰ্থী টেটত অৱতীৰ্ণ হৈছিল ।

ইপিনে উচ্চ প্ৰাথমিক টেটত যোগ্যতা অৰ্জন কৰিছে ১৫,৩০৪ গৰাকী প্ৰাৰ্থীয়ে । উচ্চ প্রাথমিক টেটত আবেদন কৰা প্রার্থীৰ সংখ্যা আছিল ১,৬৬,১১০গৰাকী৷ আনহাতে, টেটত অৱতীর্ণ হৈছিল ১,৬৬,১১০গৰাকী৷

উল্লেখ্য যে যোৱা ১০ নৱেম্বৰত অনুষ্ঠিত হৈছিল উচ্চ আৰু নিম্ন প্রাথমিক টেট৷ একে সময়তে  প্রাথমিক শিক্ষা বিভাগে এক বিবৃতিত সদৰী কৰে যে এন চি টি ইৰ নিয়ম অনুসৰি প্রতিবছৰে টেট অনুষ্ঠিত কৰিব লাগে৷ সেয়েহে ২০২০ বর্ষৰ পৰা শিক্ষা বিভাগে প্রতিবছৰে টেট অনুষ্ঠিত কৰিব বুলিও সদৰী কৰিছে৷

Featured
Comments (0)
Add Comment