বাংলাদেশত আলফাৰ ১৩ টা ৰকেট লঞ্চাৰসহ বিস্ফোৰক উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ বাংলাদেশক জব্দ হৈছে বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ । দেশখনৰ সেনাবাহিনীৰ অভিযানত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীখিনি অসমৰ বিদ্ৰোহী সংগঠন আলফাৰ বুলি সন্দেহ কৰা হৈছে । উল্লেখ্য যে আৰ্মী আৰু ৰেপিড একচন বেটেলিয়নে দেশখনৰ চটচ্চাৰী ৰাষ্ট্ৰীয় উদ্যানত যোৱা দুদিন ধৰি অভিযান চলাই লুকুৱাই ৰখা বিস্ফোৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত ১৩ টা ৰকেট লঞ্চাৰ আৰু বৃহৎ পৰিমানৰ বিস্ফোৰক আছে । এই অভিযানৰ নেতৃত্ব দিয়া ৰেপিড একচন বেটেলিয়নৰ কামাণ্ডাৰ কৰ্ণেল মছিউৰ ৰহমানে কয় যে গোপন খবৰৰ ভিত্তিত অভিযান চলাই বিস্ফোৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰা হয় যদিও কোনো লোকক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই । ইপিনে এই সামগ্ৰীখিনি আলফাই ঘন অৰণ্যত লুকুৱাই ৰখা বুলি সন্দেহ কৰা হৈছে ।