বিজেপিৰ বৰঘৰলৈ বলিষ্ঠ ‘কা’বিৰোধী নেতা মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁই

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ চাবুৱাৰ সাহিত্য সভা ভৱনত ভাৰতীয় জনতা পার্টীৰ যুৱ মর্চাৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত কার্যকর্তা সভা এখনত বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত কেইবাজনো কংগ্রেছ কর্মীৰ লগতে মটক সন্মিলনৰ সাধাৰণ সম্পাদক তথা ‘কা’ৰ বিৰুদ্ধে বলিষ্ঠভাৱে কৃষক নেতা অখিল গগৈক সহযোগ কৰি আন্দোলনত নেতৃত্ব দিয়া কাজল গোহাঁয়ে বিজেপিত যোগদান কৰে৷

সভাতেই চিপিআই (এমএল)ৰ নেতা কৃষ্ণ মাঝিয়ে বিজেপিত যোগদান কৰে৷ বিজেপিত যোগদান কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত নিজৰ বক্তব্য ৰাখি কাজল গোহাঁয়ে কয় যে বিজেপিৰ নীতি আৰু আদর্শৰ প্রতি আকৃষ্ট হৈ দলটোত যোগদান কৰিছে৷ বিজেপিত থাকি তেওঁ সদায় ৰাইজৰ সেৱা আগবঢ়াই যাব৷ ‘কা’ সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ উল্লেখ কৰে যে উজনি অসমত বাংলাদেশী কেতিয়াও প্রৱেশ নকৰে৷ সেই বাবে অসমত ‘কা’ৰ কোনো প্রাসংগিকতা নাই৷

যোগদান সভাতেই বিধায়ক বিনোদ হাজৰিকাই নিজৰ বক্তব্যত ‘কা’ সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ কয় যে অসমত এটাও যদি বাংলাদেশী প্রৱেশ কৰে, প্রথমে তেৱেঁ বাংলাদেশীক আক্রমণ কৰি কাটিব৷ যোগদান সভাত বিশেষভাৱে উপস্থিত থাকে বিজেপিৰ পানীতোলা মণ্ডলৰ সভাপতি ৰণ্টু শইকীয়া, আঞ্চলিক পঞ্চায়তৰ সভানেত্রী পাৰুল বৰুৱা, গুঁইজান জিলা পৰিষদৰ সভাপতি সঞ্জয় দাস আৰু বহুকেইজন বিজেপি নেতা–কর্মী৷

Comments (0)
Add Comment