বিজেপি কর্মীৰ গৃহত অগ্নিসংযোগ

দুর্বৃত্তৰ অপকাণ্ডত মাকুমত তীব্র চাঞ্চল্য

নিয়মীয়া বার্তা, ২১ ডিচেম্বৰঃ মাকুমৰ বাৰেকুৰিৰ হাপজান সদৰ মণ্ডলৰ ভাৰতীয় জনতা পার্টীৰ সদস্য বৰগাঁৱৰ দীপক চাউৰক (সৰু)ৰ দোকানত বৃহস্পতিবাৰে নিশা প্রায় দহ বজাত কোনো দুর্বৃত্তই অগ্নি সংযোগ কৰে ৷ ইতিমধ্যে বাৰেকুৰি আৰক্ষীক ঘটনা সন্দর্ভত এজাহাৰ দাখিল কৰিছে ৷ আনহাতে মাকুমত স্বাভাৱিক অৱস্থা ঘূৰি আহিছে যদিও নিশাৰ ভাগলৈ সান্ধ্য আইন বাহাল আছে ৷ বিভিন্ন অনুষ্ঠানৰ লগতে মাকুমবাসীয়েও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্র প্রতিবাদ অব্যাহত ৰাখিছে ৷

Comments (0)
Add Comment