বিটিচি নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ওদালগুৰিত বৃহৎ পৰিমাণৰ মাৰানস্ত্ৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ ওদালগুৰিত নিশা গোপন সূত্ৰৰ পম খেদি বাদাগাওঁত আৰক্ষীয়ে উদ্ধাৰ কৰে অবৈধ মাৰানস্ত্ৰ। উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰৰ ভিতৰত আছে এটা একে ৫৬ ৰাইফল, এটা মেগজিন, ১২ জাইঁ সজীৱ গুলী, এটা ৰকেল লাঞ্চাৰসহ পাঁচটা সজীৱ ৰকেট, ৪০টা হেণ্ড গ্ৰেনেড ১১১টা ডিটেনেটৰ সহ তাঁৰ ইত্যাদি। হাবিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অবৈধ মাৰানস্ত্ৰ খিনি। কিন্তু কোনে কি উদ্দেশ্যে এনেদৰে মাটিত পুতি মজুত ৰাখিছিল অবৈধ মাৰানস্ত্ৰ তাৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই ।
ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসে সদৰী কৰা মতে, এয়া পূৰ্বৰে পৰা মজুত ৰখা অস্ত্ৰ আছিল কিন্তু কোনো এনেদৰে মজুত ৰাখিছিল অবৈধ মাৰানস্ত্ৰ সেয়া এতিয়াও স্পৰ্ষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাৰত ৰখাৰ লগতে এয়া অস্ত্ৰ শস্ত্ৰ উদ্ধাৰৰ ঘটনাৰ লগতে বিটিচি নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰিছে।

কিন্তু বিটিচি নিৰ্বাচনলৈ আৰু মাজত মাত্ৰ এটা পষেখ বাকী থকা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত।

Comments (0)
Add Comment