বিধানসভাত CAB, NRC : শুই শুই প্ৰতিবাদ কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ আজিৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনত সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে । কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়াই এ আই ইউ ডি এফ দলে । সদনৰ ভিতৰত প্ৰথমে হাতত প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বাতিল কৰি নতুনকৈ এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে । উল্লেখ্য যে, কংগ্ৰেছ আৰু এআইইউডিএফৰ এই প্ৰতিবাদক বিধানসভাৰ অধ্যক্ষই বিশেষ গুৰুত্ব প্ৰদান নকৰাত অৱশেষত বিধানসভাৰ বাহিৰত শুই শুই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে । এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ শাসকীয় বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে অচিৰেই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰে ।

Featured