বিশাল বাইক ৰেলীৰে প্ৰধানমন্ত্ৰীক স্বাগতম এবছুৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ ঐতিহাসিক বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ পাচত কাইলৈ অৰ্থাৎ ৭ ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত কৰা হৈছে বিশাল বিজয় উৎসৱ । অসম চৰকাৰ, বড়ো সংগঠনসমূহৰ প্ৰচেষ্টাত অনুষ্ঠিত হ’ব লগা এই বিজয় উৎসৱত ভাগ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

নৰেন্দ্ৰ মোডীৰ কোকৰাঝাৰ আগমনৰ পূৰ্বে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিখন জিলাৰ পৰা বাহিৰ কৰা হয় বিশাল বাইক ৰেলী । ৫ দশকজোৰা বড়ো আন্দোলনৰ ফলশ্ৰুতিত শেহতীয়াভাৱে সম্পন্ন হোৱা বড়ো শান্তি চুক্তি আৰু বিটিআৰ গঠনৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জনায় ছাত্ৰ সংগঠনটোৱে ।

ছাত্ৰ সংগঠনটোৰ সহস্ৰাধিক কৰ্মীয়ে বৃহস্পতিবাৰে চিৰাঙৰ বাসুগাঁৱত বাহিৰ কৰে এক বিশাল বাইক ৰেলী । এই ৰেলীৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অসমলৈ স্বাগতম জনাই এবছুৱে । এবছু নেতৃত্বই এই শান্তি চুক্তি আৰু বিটিআৰৰ জৰিয়তে বড়োসকলৰ ভাষা-সংস্কৃতি অটুট থাকিব বুলি উল্লেখ কৰাৰ লগতে দীৰ্ঘদিনীয়া এই দাবীৰ ফলত প্ৰাপ্য অধিকাৰ লাভ কৰা বুলি কয় ।

ইফালে, কাইলৈ কোকৰাঝাৰৰ খাৰগাঁও-টেঙাপাৰাত অনুষ্ঠিত হ’ব লগা বিজয় উৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । বিশাল মঞ্চৰ লগতে সৰ্বসাধাৰণ বাবেও গঢ়ি তোলা হৈছে উপযুক্ত ব্যৱস্থা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ ল’বলগীয়া এই বিজয় উৎসৱকৰ বাবে এতিয়া নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে কোকৰাঝাৰত ।

Featured
Comments (0)
Add Comment