বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত মহানগৰবাসী

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভোগাৰ সমান্তৰালকৈ কৃত্ৰিম বান আৰু তীব্ৰ যান-জঁটৰ লগতে অন্যান্য সমস্যাৰ সৈতে সহাৱস্থান কৰা মহানগৰবাসীয়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । যি সময়ত গুৱাহাটী মহানগৰীক স্মাৰ্টচিটীৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰ-প্ৰশাসনে হেতা-ওপৰা লগাইছে, সেই সময়তে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত মহানগৰবাসী । বিশুদ্ধ খোৱাপানীৰ বাবেই চৰকাৰ-প্ৰশাসনে ইতিপূৰ্বে কেইবাটাও বৃহৎ পানী যোগান আঁচনিৰ কাম হাতত লৈছে যদিও বিগত ১০ বছৰে সেইসমূহ পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই । বিশেষকৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ(জিএমডিএ) ৰ অধীনত মহানগৰীত চাৰিটাকৈ বৃহৎ পানী যোগান আঁচনি গ্ৰহণ কৰা হৈছে যদিও আজিকোপতি এটাও পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ হোৱা নাই । ইপিনে , গুৱাহাটী পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেইবাটাও পানী যোগানৰ আঁচনিৰ পৰা মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰি আহিছে যদিও সেয়াও অনিয়মীয়া । ফলত মহানগৰবাসীয়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । বিশেষকৈ নুনমাটি, নাৰেংগী, কলংপাৰ,পাঞ্জাবাৰী, বতাহঘুলি, খানাপাৰা, কইনাধৰা, বশিষ্ঠ, লতাকতা,বেহাৰবাৰী, গড়চুক, ধীৰেনপাৰা, ফটাশিল আমবাৰী, ভৰলুমুখ,মালিগাঁও, লংকেশ্বৰ, চানমাৰি, বামুণীমৈদাম, নাৰেংগী,বোন্দা,চন্দ্ৰপুৰ, হেঙেৰাবাৰী আদি অঞ্চলত খৰাং বতৰৰ বাবে খোৱাপানীৰ সংকটে দেখা দিছে । উল্লেখ্য যে, জিএমডিএ কৰ্তৃপক্ষই ২০১৯ চনত ১০৭ এমএলডি ক্ষমতাসম্পন্ন গুৱাহাটী দক্ষিণ-পশ্চিম পানী যোগান আঁচনি গ্ৰহণ কৰে । এই আঁচনিৰ কাম ২০১৩ চনত সম্পন্ন কৰাৰ কথা আছিল যদিও আজিলৈকে এই আঁচনিৰ কাম সম্পূৰ্ণ হৈ উঠা নাই । একেদৰে, ২০১১ চনত ১৯১ এমএলডি ক্ষমতাসম্পন্ন দক্ষিণ-মধ্য গুৱাহাটী পানী যোগান আঁচনিৰ কাম হাতত লৈ ২০১৭ চনৰ ভিতৰত সম্পন্ন কৰাৰ কথা আছিল । লক্ষণীয়ভাৱে এই আঁচনিৰ কামটো আজিলৈকে জিএমডিএ কৰ্তৃপক্ষই সম্পন্ন কৰিব পৰা নাই । ইপিনে, ২০১৬ চনত ৯৮ এমএলডি ক্ষমতাসম্পন্ন দক্ষিণ-পূব পানী যোগান প্ৰকল্প আৰু ২০১১ত ৩৭ এমএলডি ক্ষমতাসম্পন্ন পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল যদিও আজিলৈকে এটাও আঁচনিৰ কাম বিভাগীয় কৰ্তৃপক্ষই সম্পন্ন কৰিব পৰা নাই । বিভিন্ন দল-সংগঠনে আন্দোলন কৰি অহাৰ পৰিপ্ৰেক্ষিতত সেইসমূহ পানী যোগান আঁচনিৰ কাম শীঘ্ৰে সম্পন্ন হ’ব বুলি বিভাগীয় কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি দিছে যদিও সেইসমূহ কাৰ্যতঃ বিফল হোৱা পৰিলক্ষিত হৈছে ।

Featured