বোকাখাতত বিক্রী হৈছে ভুৱা ক’ৰোনাৰ ভেকচিন

নিয়মীয়া বার্তা, ১৮ মাৰ্চঃ বোকাখাতত ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ নামত এজন হোমিঅ’ চিকিৎসকে এক বিশেষ ঔষধ বিক্রী কৰি থকা কথাই সচেতন লোকৰ চকু কপালত তুলিছে ৷ হোমিঅ’ চিকিৎসকজনে জুলীয়া ঔষধটোৰ বটলেপতি ৩০ টকা দৰত বিক্রী কৰিছে ৷ ইতিমধ্যে হোমিঅ’ ফার্মাচীখনত শ শ ত্রাসিত লোকে ভিৰ কৰি ঔষধ ক্রয় কৰিছেহি ৷ চিকিৎসকজনৰ মতে এই ঔষধ প্রতিনিশা শোৱাৰ পৰত তিনি টোপালকৈ সেৱন কৰিলে ৰোগবিধৰ পৰা হাত সাৰিব পাৰিব ৷ ‘ভিভান ভিভা’ নামৰ এটা কোম্পানীয়ে ক’ৰোনা প্রতিৰোধৰ নামত বজাৰত মেলি দিছে ‘আইপাল্চ্’ নামৰ এক ‘ইমিউনিটী বুষ্টাৰ’ ৷ ‘বিট ক’ৰোনা ভাইৰাছ’ বুলি পেকেটত লিখি বজাৰত মেলি দিছে বটলবিধ ৷

Comments (0)
Add Comment