নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ বৰলুইতৰ প্রকাণ্ড ঢৌ, দুষ্প্রাপ্য শিহুৰ জলকেলি কিম্বা পৰিভ্রমী পক্ষীৰ কাকলিৰ সাক্ষীৰূপে বিগত ১৮৪ বছৰ ধৰি অস্তিত্ব বর্তাই ৰাখিছে বিশ্বনাথৰ ব্রিটিছ বাংলোৱে ৷ সমুখত বুঢ়ালুইত, তাৰ নিচেই কাষতে স্থাপন কৰা বহু কোঠালীয়া আৰু বিশেষকৈ ইংৰাজ আভিজাত্য–সম্ভ্রমেৰে পূর্ণ এই বাংলোটো সম্ভৱতঃ বিশ্বনাথৰ প্রথমজন বিদেশী প্রশাসক আডাম হোৱাইটৰ ৷ স্বাস্থ্যসন্মত আৰু নৌ পৰিবহণৰ সুচল স্থানত অৱস্থিত বাংলোটোত তাহানিতে নির্মাণ কৰা হৈছিল বাথ টাব আৰু চিমনী ৷ ব্রহ্মপুত্রৰ মুখামুখিকৈ নির্মাণ কৰা এই বাসগৃহৰ পৰাই সম্ভৱতঃ ১৮৩৫ চনত আডাম হোৱাইটে উজনিৰ চিংফৌসকলক দমন কৰিছিল ৷ তদুপৰি আসাম লাইট ইনফেণ্ড্রীৰ মুখ্য সামৰিক ঘাটিৰূপে চিহ্নিত বিশ্বনাথৰ এই বাসগৃহৰ কাষতে আছে পল্টনৰ আলি ৷ স্থানীয় ৰাইজৰ মতে, ইংৰাজৰ শাসনকালত এই পল্টনৰ আলিত সামৰিক বাহিনীয়ে নিয়মীয়া কুচকাৱাজো কৰিছিল ৷ একালৰ সুদৃশ্য আৰু মনোৰম প্রাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই বাংলোটো সম্ভৱতঃ অঞ্চলটোৰ ব্রিটিছ শাসনকালৰ অন্তিমটো স্মাৰক ৷ শতিকা পূর্বে নির্মাণ কৰা বাংলোটো শ্রীহীন হ’লেও ইয়াৰ নির্মাণশৈলী কিন্তু শলাগিবলগীয়া ৷ কিয়নো প্রায় ১৮৪ বছৰীয়া এটা কাঠ–টিনপাতৰ বাংলোৱে এনেদৰে প্রকৃতি আৰু মানুহৰ আতিশয্য শিৰ পাতি লৈও যে অস্তিত্ব বর্তাই ৰাখিছে, সি সঁচাকৈয়ে আচৰিত কথা ৷ কিন্তু আসাম লাইট ইনফেণ্ড্রীৰ কার্যালয় স্থানান্তৰ কৰাত বিশ্বনাথৰ এই বাংলোটোৰ গুৰুত্ব হ্রাস পাবলৈ ধৰে ৷ অৱশ্যে ইংৰাজৰ চাহাবী ঢঙেৰে ৰঙীন এই বাংলোটো পৰৱর্তী কালত নর্থবেংক মিছন ৯১২, বেলমার্ট এভিনিউ চিকাগো, ইলিয়নছৰ অধীনত ধর্ম প্রচাৰৰ কেন্দ্র হৈ পৰে ৷ মার্কিন যুক্তৰাষ্ট্রৰ এই ব্যাপিষ্ট মিছনেৰী বর্তমানেও এই বাংলোৰ সহঃপট্টাদাৰ ৷ বিশ্বনাথ ৰাজহ চক্র কার্যালয়ত অনুসন্ধান কৰি জানিব পৰা মতে, এই বাংলাটোৰ কাষতে ব্যাপিষ্ট জেনেৰেল অফ ফ্লোৰেন্স অফ আমেৰিকা আদিৰো ভূমি আছে ৷ তাৎপর্যপূর্ণ যে খ্রীষ্টান মিছনেৰীৰ কার্যালয়ৰূপে ব্যৱহৃত এই বাংলাটোৰ সমীপৰ গাঁওসমূহ কিন্তু খ্রীষ্টান ধর্মাৱলম্বী নহয় ৷ শেহতীয়াকৈ এই বাংলোটো ভাৰতীয় জলপৰিবহণ বিভাগৰ হাতত সংৰক্ষিত ৷ সমুখৰ বহু অংশ উৱলি গৈছে, ভিতৰভাগো অনাদৰ আৰু আপডালৰ অভাৱত ধ্বংসৰ মুখলৈ গতি কৰিছে ৷ একালত ইংৰাজৰ প্রভুত্ব–শৌর্যৰ প্রতীকৰূপে চিহ্নিত বিশ্বনাথৰ বৰমূৰীয়াগৰাকীৰ এই বাংলোটো সংৰক্ষণ কৰিলে পর্যটনৰ ক্ষেত্রত বিশেষ সহায়ক হ’ব ৷ শেহতীয়াকৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ তৎপৰতাত বিশ্বনাথৰ চণ্ডী মন্দিৰৰ পৰা উমাটুমণি দ্বীপলৈ ‘ৰোপ ৱে’ৰ নির্মাণৰ প্রস্তুতি চলি থকাৰ সময়তে ঐতিহ্যমণ্ডিত এই বাংলোটোৰ নৱৰূপ দিবলৈকে ৰাইজৰ মাজত গুণাগঁথা চলিছে ৷ শ্রীহীন হ’লেও ব্রহ্মপুত্রৰ নিচেই কাষৰ এই বাংলাটোৱে উজনি অসমৰ ব্রিটিছ শাসনৰ কালছোৱাক নিঃসন্দেহে স্মৰণ কৰাই থাকিব ৷