ব্ৰহ্মপুত্ৰত ভগৱান ! আৰক্ষী আৰু এছডিআৰএফলৈ পুৰস্কাৰ অসম আৰক্ষী

নিয়মীয়া বাৰ্তা,১ ডিচেম্বৰঃ শনিবাৰ আৰু দেওবাৰে ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছিল অৰ্ধশতাধিক দেৱ-দেৱীৰ মূৰ্তিৰ লগত মন্দিৰৰ বহু সামগ্ৰী । এই সামগ্ৰীসমূহ উদ্ধাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা তথা নিষ্ঠাৰে কাম কৰা ১৫ জন আৰক্ষী আৰু এছ ডি আৰএফলৈ দেওবাৰে অসম আৰক্ষীৰ ফালৰ পৰা ঘোষণা কৰা হৈছে পুৰস্কাৰ । লতাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা সহ লতাশিল থানাৰ পাঁচজন আৰক্ষীৰ লগতে নগৰাকী এছডিআৰএফলৈ আগবঢ়োৱা হৈছে এই পুৰস্কাৰ । এই পুৰস্কাৰত আছে ৩০০০ ৰ পৰা ১০,০০০ পৰ্যন্ত নগদ ধন । দেওবাৰে বিয়লি অসম আৰক্ষীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এক পত্ৰৰ জৰিয়তে ঘোষণা কৰে এই কথা ।

Featured