নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ সোমবাৰে নিশা বৰঝাৰ বিমানবন্দৰত আটক ৩ টাকৈ ইৰাণী গ্ৰুপৰ সদস্য । দিল্লীৰ পৰা নিশা গুৱাহাটীলৈ এয়াৰ এছিয়া বিমান যোগে আহিছিল দলটো ।
গোপন সূত্ৰৰ ভিত্তিত অপৰাধ অনুসন্ধান শাখাই বৰঝাৰ বিমানবন্দৰত আটক কৰে ইৰাণী দলৰ হাৰিয়ানাৰ জোনাইড খান, চালিম খান আৰু ছামচেদ খানক ।
ইপিনে এই তিনি ইৰাণী গ্রুপৰ সদস্যকেইটাৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৯১,৭২০ টকা নগদ ধন , ১৩০ খন ATM কাৰ্ড, ১৪ বটল কফ চিৰাফ, মোবাইল ফোন ৪ টা।