বৰা ছার্ভিচত মহিলাৰ চেইন থপিয়াই আৰক্ষীৰ জালত যুৱক

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ পল্টন বজাৰ থানাৰ অন্তর্গত বৰা ছার্ভিচৰ হৰবালা পথত বুধবাৰে এগৰাকী মহিলাৰ পৰা সোণৰ চেইন থপিয়াই পলাবলৈ চেষ্টা চলোৱা এজন যুৱকক ৰাইজে উত্তম–মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ৷ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে, এএছ–০১ বিএন–৭৬১২ নম্বৰৰ বাইক আৰোহী আকাশ শর্মা (৩০)ই হৰবালা পথেৰে খোজকাঢ়ি অহা উর্বশী কলিতা নামৰ মহিলাগৰাকীৰ পৰা সোণৰ চেইন থপিয়াই নিয়ে ৷ মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত স্থানীয় ৰাইজে যুৱকজনক আটক কৰি উত্তম–মধ্যম শোধাই পল্টন বজাৰ আৰক্ষীক গতাই দিয়ে ৷ ৰূপনগৰৰ বাসিন্দা ধৃত যুৱকজন খানাপাৰাৰ এক্সিছ বেংকৰ কর্মচাৰী ৷