ভাৰতত ৩,৮১৯জনলৈ বৃদ্ধি পালে ক’ৰোনা আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। এইপৰ্যন্ত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০৬জনকৈ লোকৰ। আনহাতে আক্ৰান্ত হৈছে ৩,৮১৯জন লোক। আক্ৰান্তসকলৰ ভিতৰত সুস্থ হৈ উঠিছে ২৯৫জন লোক। ২৪ঘণ্টাত দেশত আক্ৰান্ত হৈছে ১৪৪জন লোক।

আনহাতে অসমত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৬জন। শনিবাৰৰ পৰা অসমত বঢ়া নাই ৰোগীৰ সংখ্যা। এয়া নিশ্চয়কৈ অসমবাসীৰ বাবে এক সুখবৰ। মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ আক্ৰান্ত লোকজনৰ সংস্পৰ্শলৈ অহা ৩৬জনকৈ লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। তেওঁলোকৰ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই বুলি সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Comments (0)
Add Comment