ভাৰতত ৪২৮৯ জনলৈ বৃদ্ধি পালে ক’ৰোনা আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। সোমবাৰে পুৱা এইপৰ্যন্ত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১৮ জনকৈ লোকৰ।

আনহাতে মুঠ আক্ৰান্ত হৈছে ৪,২৮৯ জন লোক। আক্ৰান্তসকলৰ ভিতৰত সুস্থ হৈ উঠিছে ৩২৮ জন লোক।

আনহাতে অসমত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৬ জন। শনিবাৰৰ পৰা অসমত বঢ়া নাই ৰোগীৰ সংখ্যা। এয়া নিশ্চয়কৈ অসমবাসীৰ বাবে এক সুখবৰ।

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment