ভূমিহীনক ভূমি দিয়াৰ পৰিমাণ হ্ৰাসঃ ৰাজ্যত ৩,২২,৫৫৭ টা ভূমিহীন পৰিয়াল

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ অসম চৰকাৰৰ নতুন ভূমি নীতিত পূৰ্বতে একোজন ভূমিহীন পৰিয়ালক যি পৰিমাণৰ ভূমি চৰকাৰীভাৱে দিয়াৰ ব্যৱস্থা আছিল সেয়া হ্ৰাস কৰা হৈছে । শনিবাৰে বিধানসভাৰ মজিয়াত এই তথ্য দিয়ে ৰাজ্যিক ৰাজহ মন্ত্ৰী ভৱেশ কলিতাই । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কলিতাই অসম চৰকাৰৰ কেবিনেট বৈঠকে অনুমোদন জনোৱা নতুন ভূমি নীতিত হৰিশংকৰ ব্ৰহ্ম কমিটীৰ প্ৰতিবেদনৰ কিছু পৰামৰ্শ সম্পূৰ্ণ অথবা আংশিকভাৱে সন্নৱিষ্ট কৰা হৈছে বুলি প্ৰকাশ কৰে । আনহাতে , মন্ত্ৰী কলিতাই প্ৰকাশ কৰা অনুসৰি অসমত ৩,২২,৫৫৭ টা ভূমিহীন পৰিয়াল আছে । অৱশ্যে এই পৰিসংখ্যাত ভালেকেইখন জিলাৰ তথ্য দিয়া নাই উপায়ুক্তই । একেটা প্ৰশ্নোত্তৰতে মন্ত্ৰী কলিতাই জনায় যে ৰাজ্যৰ বানাক্ৰান্তসকলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বানাক্ৰান্ত-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত আঁচনিৰ অধীনত ২০১৬ চনৰ পৰা এই পৰ্যন্ত কোনো লোকক সাহাৰ্য দিয়া হোৱা নাই । এই বিষয়টো বিভাগৰ বিবেচনাধীন হৈ থকা বুলি মন্ত্ৰীজনে প্ৰকাশ কৰে । অৱশ্যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নিয়মাৱলী মতে বানাক্ৰান্ত-গৰাখহনীয়াত ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন অনুদান দি থকা হৈছে বুলি মন্ত্ৰীজনে প্ৰকাশ কৰে ।

Featured