মই ছিনিয়ৰ গগৈক ভয় নাখালো, মিডিল গগৈক ভয় নাখালো, এতিয়া জুনিয়ৰ গগৈক ভয় খাম নেকিঃ হিমন্ত বিশ্ৱ শৰ্মা

মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ মন্তব্য

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নতুন ৰাজনৈতিক দল সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য নতুন ৰাজনৈতিক দল হ’লে সাহস আৰু সততাৰে মুখামুখি হ’ম। আমি মাত্ৰ আসনৰ ফালেহে চাম, ৰাইজৰ আৰ্শীবাদত আমি ২০২১ৰ নিৰ্বাচনত  ১০০খন আসন লৈ জয়ী হ’ম। নিৰ্বাচনত বিজেপি-মিত্ৰজোঁট নিশ্চিতভাৱে জয়ী হ’ব। কংগ্ৰেছে সমৰ্থন কৰে নকৰে সেয়া গুৰুত্বপূৰ্ণ নহয়। অসমীয়া জাতিক খণ্ড-বিখণ্ড কৰিব পৰা ঠাইবোৰতেই চলি আছে গণজাগৰণ। বাঘবৰ ,জনিয়া, চেঙা, মানকাচৰত হোৱা নাই গণজাগৰণ। বাঘবৰত যিদিনা গৰ্জন হ’ব, বাঘবৰৰ খিলঞ্জীয়াই য়েতিয়া গৰ্জনত সহায় কৰিব সিদিনাই মই ভাবিম যে অসমবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে।

                ১৯৬৬ৰ পৰা ৭১ৰ আগতে অহা মানুহখিনিয়ে বাধাহীনভাৱে নাগৰিকত্ব পাব নে ১০ বছৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যোৱাৰ পিছত নাগৰিকত্ব পাব এই কথা স্পষ্ট কৰি কবলৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আহ্ৱান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

            তেখেতে লগতে কয় যে মোক বহু সময়ত ভয় খুৱাবলৈ বহু চেষ্টা কৰি থকা হৈছে মই ছিনিয়ৰ গগৈকে ভয় নাখালো, মিডিল গগৈক ভয় নাখালো, এতিয়া জুনিয়ৰ গগৈক ভয় খাম নেকি বুলিও মন্তব্য ড০ শৰ্মাৰ

মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ মন্তব্য
Comments (0)
Add Comment