মনীষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ৪৮ জনৰ ক’ভিড-১৯ নিগেটিভ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ প্ৰথমজন ক’ভিড-১৯ আক্ৰান্ত মনীষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ এজনৰো শৰীৰতো লাভ কৰা নাই ক’ৰোনা ভাইৰাছৰ অৱস্থিতি । ৪৮ গৰাকী লোকৰ নমুনা সংগ্ৰহৰ ফলাফল দেওবাৰে অহাৰ পাচতেই স্বাস্থ্যমন্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ।

মনীষ তিব্ৰেৱালৰ পত্নী-সন্তানসহ নগাঁও আৰু গুৱাহাটীৰ মুঠ ৪৮ জন লোকৰ শৰীৰত ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে । অৱশ্যে আটাইকেইগৰাকী লোককে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰে ।

Featured
Comments (0)
Add Comment