মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ১.৪৬ কোটি টকাৰ চেক প্ৰদান ৩ ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ দেশ, ৰাজ্যৰ জটিল সন্ধিক্ষণত তিনিগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে দেখুৱাইছে আদৰ্শ । পি এম কেয়াৰ্ছ ফাণ্ড আৰু অসম আৰোগ্য নিধিলৈ ১.৪৬ কোটি টকা আগবঢ়াইছে ব্যৱসায়ীকেইজনে ।

মহানগৰীৰ অনুপম শৰ্মাই পি এম কেয়াৰ্ছ ফাণ্ডলৈ ৫০ লাখ আৰু ২৫ লাখ টকা অসম আৰোগ্য নিধিলৈ আগবঢ়ায় । একেদৰে আদিত্য গোস্বামীয়ে ২১ লাখ, অনিল দাসে ৫০ লাখ টকা আগবঢ়ায় অসম আৰোগ্য নিধিলৈ ।

এই ধনৰাশি ব্যৱসায়ী তিনিগৰাকীয়ে চেকযোগে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে ।

Comments (0)
Add Comment