মাছখোৱা সাংস্কৃতিক প্রকল্পত গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল আৰম্ভ

হাস্যব্যংগ ‘পট্টে খুল গয়ে’ নাটক চাই আপ্লুত দর্শক

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ শুকুৰবাৰে মুকলি হ’ল বহু প্রতীক্ষিত গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ চতুর্থ সংস্কৰণ ৷ ৩ দিনীয়া কার্যসূচীৰে শুকুৰবাৰৰ পৰা গুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজ্যোতি আইটিএ সাংস্কৃতিক প্রকল্প প্রেক্ষাগৃহত আৰম্ভ হৈছে গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল–২০১৯ ৷ প্রবীণ তথা বিশিষ্ট অভিনেতা ৰাকেশ বেদীৰ ৰচনা–পৰিচালনা আৰু অভিনয়সমৃদ্ধ নাট ‘পট্টে খুল গয়ে’ৰ যোগেৰে আৰম্ভ হয় এই থিয়েটাৰ ফেষ্টিভেল ৷ এই নাট মহোৎসৱ বন্তি প্রজ্বলনেৰে আনুষ্ঠানিকভাৱে মুকলি কৰে পাৰেণা ৰিকার্ডৰ আঞ্চলিক মুৰব্বী বিনীত গ্রোভাৰ, আমূল (পূৰবী)ৰ পৰিচালন সঞ্চালক এছ ডি বোস, অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকন, ইণ্ডিয়ান অইলৰ মুখ্য মহাপ্রবন্ধক উট্টিয় ভট্টাচার্য আৰু উদ্যোক্তা জিপ্লাছৰ প্রকাশক তথা গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ অধ্যক্ষ সুনীত জৈনে ৷ মঞ্চস্থ হোৱা নাট ‘পট্টে খুল গয়ে’ আছিল হিন্দী ভাষাৰ এখন ব্যংগাত্মক নাট ৷ নাটখনত আমাৰ সমাজৰ সাম্প্রতিক অৱস্থাৰ এক ৰূঢ় বাস্তৱক ব্যংগাত্মকভাৱে শক্তিশালী ৰূপত প্রতিষ্ঠা কৰা হৈছে ৷ নাটখনত ডাঃ মনোজ ৰাই আৰু তেওঁৰ পত্নী মঞ্জু ৰাই–এ তেওঁলোকৰ বন্ধু মহলক নিশাৰ আহাৰ গ্রহণ কৰাৰ বাবে আমন্ত্রণ জনায় ৷ বিভিন্ন আমোদজনক ঘটনা আৰু মনোৰঞ্জনমূলক পৰিঘটনাৰ মাজেৰে সমাজৰ বিভিন্ন ছবি প্রতিফলিত কৰাৰ চেষ্টা কৰা হৈছে ৷ নাটখনত অভিনয় কৰিছে ৰাকেশ বেদী, কিশৱাৰ মার্চেণ্ট, অনন্ত মহাদেৱন, অভিজিত দত্ত আৰু ৰূপালী গাংগুলীয়ে ৷ দ্বিতীয়টো দিনত মঞ্চস্থ হ’ব ৰাজনৈতিক ব্যংগাত্মক নাট ‘দ্য ডেভিল ৱেৰছ বাটা’ আৰু অন্তিম দিনা মঞ্চস্থ হ’ব যশস্বী অভিনেতা আমোল পালেকাৰৰ ৰচনা–পৰিচালনাৰে ৰহস্যধর্মী নাট ‘কুছুৰ দ্য মিছটেক’৷ মুম্বাইত প্রতিষ্ঠিত প্রযোজনা গোষ্ঠীৰ নিবেদন আটাইকেইখন নাট ৷

Featured
Comments (0)
Add Comment