মাজুলীত মুগা পালনেৰে স্বাৱলম্বী নিবনুৱা যুৱক

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈও একক প্রচেষ্টাৰে সাফল্য

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ মুখ্যমন্ত্রীৰ গৃহ সমষ্টি মাজুলীৰ পূব চিৰাম দেউৰী গাঁৱৰ এজন যুৱকে মুগা পালনেৰে স্বাৱলম্বনৰ চেষ্টা অব্যাহত ৰাখিছে ৷ পূব চিৰাম দেউৰী গাঁৱৰ পালোৱান দেউৰীৰ পুত্র কুলান দেউৰীয়ে অন্য যুৱকৰ দৰে সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢ়াপলি নেমেলি ঘৰত থাকিয়েই কিবা এটা কৰাৰ চিন্তা পুহি ৰাখিছিল ৷ সেয়েহে কুলানে দেউতাক পালোৱান দেউৰীয়ে ৰোপণ কৰা তিনি বিঘাৰো অধিক মাটিৰ চোমনীডৰাত মুগা পালনৰ কামত ব্যস্ত হৈ পৰে৷ বিগত প্রায় পোন্ধৰ বছৰ ধৰি মুগা পালন কৰি অহা কুলান দেউৰীয়ে ৰেচম বিভাগৰ পৰা সাহায্য বিচাৰে যদিও বর্তমানলৈকে কোনো চৰকাৰী সাহায্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে ৷ ৰাজ্য চৰকাৰে নিৱনুৱা যুৱক–যুৱতীসকলৰ্ আত্মসংস্থাপনৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছেবুলি কৈ আহিছে যদিও কার্যক্ষেত্রত সেয়া দেখিবলৈ পোৱা নাই৷ উল্লেখ্য যে উদ্যোগবিহীন জিলা হিচাপে খ্যাত মাজুলীত নিয়োগৰ কোনো সুবিধা নথকাত বহু যৱক সংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাবলৈ বাধ্য হৈছে ৷ ইয়াৰ মাজতো অন্য একাংশই কৃষি, মুগা পালন, মৎস্য পালন, পশুপালন আদিৰে সংস্থাপন লাভৰ চেষ্টা কৰিছে যদিও চৰকাৰে উপযুক্তভাৱে সাহায্য প্রদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Featured
Comments (0)
Add Comment