মাজুলীৰ সৈতে বহিঃজিলাৰ যোগাযোগ বিচ্ছিন্নঃ অনির্দিষ্টকাললৈ ফেৰী, নাও চলাচলত নিষেধাজ্ঞা প্রশাসনৰ

নিয়মীয়া বার্তা, ২১ মার্চঃ সমগ্র বিশ্বতেই মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ পৰা মাজুলীবাসীক বচাই ৰখাৰ স্বার্থত মাজুলী জিলা প্রশাসনে তৎপৰতাৰে বিশেষ ভূমিকা গ্রহণ কৰিছে ৷ জনসভা,  থিয়েটাৰ, সভা–সমিতি, জনসমাগম হ’ব লগা কর্মশালা আদি বাতিল কৰাৰ সমান্তৰালকৈ চেলুন, বিউটী পার্লাৰ আদিও বন্ধৰ পিছতেই জিলা প্রশাসনে মাজুলীৰ পৰা দক্ষিণ প্রান্তৰ সৈতে যোগাযোগ স্থাপনৰ একমাত্র যাতায়াত মাজুলী–নিমাতীৰ মাজত চলাচল কৰা ফেৰী ঘাটসমূহলৈ বিশেষ নির্দেশনাযোগে ৫০জনকৈ অধিক লোক ফেৰীত আনিব নোৱাৰিব বুলি জনাইছিল ৷ কিন্তু আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ল যে শুকুৰবাৰে কমলাবাৰী, অফলামুখৰ লগতে অন্যান্য ফেৰীঘাটসমূহত  চলাচল কৰা ফেৰীত ৫০জনতকৈ অধিক লোকক লৈ পাৰাপাৰ হোৱা পৰিলক্ষিত হ’ল ৷ বিশেষকৈ এনে নির্দেশনা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দ্বাৰা পৰিচালিত ফেৰীসমূহতহে শুকুৰবাৰে আংশিকভাৱে প্রযোজ্য হোৱাৰ বিপৰীতে  অন্যান্য ফেৰীসমূহত বহন ক্ষমতাতকৈও অধিক যাত্রীহে কঢ়িওৱা দেখা গৈছে ৷ এই লৈ সচেতন মহলৰ মাজত ব্যাপক চর্চা চলিছে ৷ এই বৈষম্যই আচল উদ্দেশ্য পূর্ণ কৰিব নোৱাৰে বুলি মত প্রকাশ কৰাৰ লগতে ফেৰী চলাচল বন্ধ কৰিব লাগিছিল বুলি সর্বত্র চর্চা চলিছে ৷ এনে সময়তে জনসাধাৰণৰ ধাৰণাৰ লগত সহযোগ কৰি মাজুলী জিলা প্রশাসনে ২১ মার্চৰ পৰা কার্যকৰী হোৱাকৈ সকলো ফেৰী, নাও আদি চলোৱাত অনির্দিষ্টকালৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে ৷ জিলা প্রশাসনৰ এই ঘোষণাক আদৰণি জনাইছে মাজুলীবাসীয়ে ৷

Featured
Comments (0)
Add Comment