মানুহৰ অহংকাৰে মূৰত ধৰিলেহে সংঘ ‘ভৰিৰ তলত’ বুলি ক’ব পাৰে’ শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ড০ হিমন্ত বিশ্ব শর্মা

শ্রীমন্ত শংকৰদেৱ সংঘৰ বিদ্যালয়লৈ ৫.২ কোটি টকা অনুদান ঘোষণা

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ শ্রীমন্ত শংকৰদেৱ সংঘক লৈ কেইদিনমানৰ পৰা বিতর্ক আৰম্ভ হৈছে৷ শ্রীমন্ত শংকৰদেৱ ভৰিৰ তলৰ বুলি মন্তব্য কৰিও কোনোবা বিতর্কৰ আওতাত সোমাই পৰিছে৷ মই কওঁ শ্রীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ শিৰৰ মুকুট৷ ভৰিৰ তলৰ নহয়৷ মানুহৰ অহংকাৰে মূৰত ধৰিলেহে সংঘক ভৰিৰ তলত বুলি ক’ব পাৰে৷ প্রকৃততে সংঘৰ শক্তিয়ে সকলোকে নিঃশেষ কৰিব পাৰে৷ কিন্তু শ্রীমন্ত শংকৰদেৱ সংঘই সেইসকলৰ চিন্তাৰ উৎকর্ষ ঘটিবলৈ আশীর্বাদহে দিব৷ আমাক বিতর্কই আৱৰি থাকিব পাৰে৷ আমি ৰাজনীতিৰ মানুহ৷ কিন্তু সকলোৱে মনত ৰাখক শংকৰদেৱ বিতর্কৰ ঊর্ধ্বত৷’ –কমাৰগাঁৱৰ দিহিঙীয়া–মহুৰা পথাৰত চলি থকা শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক অধিৱেশনত এই মন্তব্য কৰে অসম চৰকাৰৰ প্রভাৱশালী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে শংকৰ সংঘৰ তৃতীয় দিনৰ মুখ্য কার্যসূচী মুকলি সভাত মন্ত্রীজনে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে৷ ভাষণ প্রসংগত তেওঁ আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যক উদ্দেশ্যি কয়– ‘সমুজ্জ্বল দা, আপুনি সকলোকে কওক যাতে কোনেও শংকৰদেৱক অপমান নকৰে৷ এইক্ষেত্রত কোনোবা যদি অবাটে গৈছে, আপুনি বাটলৈ ঘূৰাই আনক৷ ইয়াৰ বাবে আপুনি এক ৰাজহুৱা বক্তব্য প্রদান কৰক৷’ শ্রীমন্ত শংকৰদেৱ সংঘই অসমৰ সমাজ জীৱনক প্রতিনিধিত্ব কৰিছে বুলি উল্লেখ কবি মন্ত্রীগৰাকীয়ে কয় যে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অসমৰ শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কিবা কাকতালীয় সম্পর্ক আছে৷ যেতিয়াই শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হয়, তেতিয়াই তেওঁ অসমত যিকোনো কার্যসূচীত উপস্থিত থাকে৷ আজিও তেওঁ অসমত আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে প্রধানমন্ত্রীয়ে এই বৃহৎ অনুষ্ঠানলৈ তাৰ পৰাই সেৱা জনাইছে৷ ভাষণ প্রসংগত তেওঁ পুনৰ কয় যে তেওঁ যোৱা ত্রিশ বছৰ ধৰি শ্রীমন্ত শংকৰদেৱ সংঘৰ লগত জডিত হৈ আছে৷ সংঘৰ অধিৱেশনলৈ ৰাজনৈতিক ব্যক্তিৰ প্রৱেশ নিষিদ্ধ কৰা অনুষ্ঠানসমূহক উদ্দেশ্যি তেওঁ কয় যে ইয়ালৈ কোনো ৰাজনৈতিক নেতা নাহে৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ ভকত–বৈষৱহে আহে৷ তাৰ পাছতো সংঘক কোনোবাই ভৰিৰ তলৰ বুলি ক’লে তেওঁ দুখ পায়৷ প্রসংগক্রমে তেওঁ কয়– ‘আমাৰ চৰকাৰ গঠনৰ পাছতেই ভক্তপ্রাণ ৰাইজৰ হকে কাম কৰি যোৱাৰ সংকল্প লৈছিলোঁ৷বটদ্রৱা সত্রৰ উন্নয়নৰ বাবে ধন আবণ্টন, কালি মুখ্যমন্ত্রীয়ে কৰা ভূমি আবণ্টন, কর্পাছ ফাণ্ড আদিসমূহ তাৰেই ফলশ্রুতি৷ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি মজবুত কৰা হ’ব আৰু শ্রীমন্ত শংকৰদেৱে কেনেকৈ ভাৰতৰ আত্মাৰ কথা চিন্তা কৰিছিল, তাৰ গৱেষণা এই বিশ্ববিদ্যালয়তে কৰাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ শংকৰদেৱক শদিয়া–ধুবুৰীৰ মাজতে সীমাবন্ধ নাৰাখিব৷’ ইফালে, এটা টিভি চেনেলে শংকৰদেৱ হিন্দু হয় নে নহয়, সেই বিষয়ৰ টক শ্ব’ অনুষ্ঠিত কৰাটো শংকৰদেৱৰ অনুগামীসকলৰ বাবেই দুর্ভাগ্যজনক বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে সেইসকলে মনত ৰখা ভাল যে শংকৰদেৱ ভাৰতীয় সমাজ–সংসৃকতিৰ কেন্দ্রীয় চৰিত্র, পার্শ্ব চৰিত্র নহয়৷ তেওঁক জগত সভালৈ আগবঢ়াই নিয়া, জগতগুৰু ৰূপে প্রতিষ্ঠা কৰাৰ দায়িত্ব শ্রীমন্ত শংকৰদেৱ সংঘই গ্রহণ কৰক৷ কথাই কথাই ধর্মনিৰপেক্ষতাৰ কথা কোৱা একাংশক সমালোচনা কৰি মন্ত্রীগৰাকীয়ে কয়– আল্লাৰ কথা যদি আলোচনা হয়, কৃষৰ কথা কিয় আলোচনা নহ’ব৷ মাটিৰ পৰশত আমাৰ মাটিত জন্ম হোৱা সনাতন সংসৃকতিয়েই হৈছে কৃষ সংসৃকতি৷ পৰমাত্মাৰ ওচৰলৈ উভতি যাবলৈ হ’লে জীৱনকালত আমি কৃষ সংসৃকতিক বুকুত চপাই ল’বই লাগিব৷ এয়া কল্পকাহিনী নহয়, বিজ্ঞান বুলি মন্তব্য কৰি তেওঁ লগতে কয়– ‘মই পুনৰ কৈছোঁ, কংগ্রেছী–বিজেপি–এজিপ্ কোনো ৰাজনৈতিক ব্যক্তি এই অধিৱেশনলৈ অহা নাই৷ এই অধিৱেশনলৈ কেৱল কৃষ সংসৃকতিক ভাল পোৱা শংকৰদেৱৰ ভক্তসকলহে আহিছে৷’ বত্তৃণতাৰ শেষত তেওঁ শ্রীমন্ত শংকৰদেৱ সংঘৰ অধীনত এটা পূর্ণাংগ বেংক স্থাপনৰো প্রতিশ্রুতি দিয়ে৷ তেওঁ কয় যে এই বেংকৰ পৰা বাপ–বান্ধৱ, আইমাতৃ, যুৱ সমাজে বিভিন্ন কামত ঋণ লৈ নিজক প্রতিষ্ঠা কৰিবলৈ সুবিধা লাভ কৰিব৷ ইফালে, শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কৰুণাকান্ত গগৈয়ে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই মন্ত্রীগৰাকীয়ে এক আকর্ষণীয় বিত্তীয় অনুদানৰ কথাও ঘোষণা কৰে৷ সেই অনুসৰি, শ্রীমন্ত শংকৰদেৱ সংঘৰ অধীনত চলি থকা ৫৬খনকৈ শিক্ষানুষ্ঠানলৈ তেওঁ মুঠ ৫.২০ কোটি টকাৰ অনুদানৰ কথা ঘোষণা কৰে৷

Featured
Comments (0)
Add Comment