মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশঃ ছমাহত ৫৬ হাজাৰ খালী পদত নিযুক্তি

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে শীঘ্ৰে শিক্ষককে ধৰি বিভিন্ন বিভাগত খালী হৈ থকা ৫৬ হাজাৰ বিভিন্ন পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব ।

সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নির্দেশ দিয়ে ৷


এই বৈঠকতে বাজেট ব্যয় তথা বিভিন্ন উন্নয়নমূলক আঁচনি সম্পর্কত বিতংভাৱে আলোচনা কৰা হয়৷ বৈঠকত বিত্ত বিভাগৰ প্রধান সচিবে বাজেট ব্যয়, ব্যৱহাৰিক প্রমাণ–পত্র ইত্যাদি বিষয়সমূহ মুখ্যমন্ত্রী সোণোৱালক অৱগত কৰে ৷

CM Sarbananda SonowalFeatured
Comments (0)
Add Comment