মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ ডিফুৰ ঘৰত তালাচী

দুটা একাউণ্টত সোমাইছিল ৯১ লাখ টকা

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ বনজ সম্পদ লুণ্ঠনেৰে কোটি কোটি টকা সংগ্রহ কৰা প্রধান মুখ্য বন সংৰক্ষক (পি চি চি এফ) অভিজিৎ ৰাভাৰ ডিফুস্থিত বাসগৃহত আৰু কার্যালয়ত দ্বিতীয় দিনাও তালাচী চলালে তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই ৷ এই অভিযান কালত বহুকেইটা গুৰুত্বপূর্ণ ফাইল জব্দ কৰাৰ লগতে বেংকৰ ধন জমা কৰা বিভিন্ন বিসংগতিও ধৰা পেলায় ৷ উল্লেখ্য যে, আয়ৰ সৈতে সম্পত্তিৰ সামঞ্জস্য নথকাৰ বাবে শীর্ষ বন বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত কালি বিয়লিৰ পৰা পি চি চি এফ ৰাভাৰ ডিফু আৰু গুৱাহাটীৰ বাসভৱনত তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ দলে তন্ন তন্নকৈ তালাচী চলাই নগদ ধন, লেপটপ, ৱাকিটকী, ম’বাইল ফোন আদি জব্দ কৰিছিল ৷

ইফালে ডিফুত উপস্থিত থকা দলটোৱে বন বিষয়াজনৰ কার্যালয়ত শনিবাৰে পুৱাৰ ভাগতে উপস্থিত হৈ কার্যালয়ৰ ফাইলসমূহ পৰীক্ষা কৰে ৷ মন কৰিবলগীয়া যে ২০১১ চনৰ পৰা ২০১৭ চনৰ ভিতৰত অভিজিৎ ৰাভাৰ বেংক একাউণ্টত ৪.১২ কোটি টকা জমা হোৱা বুলি চৰকাৰৰ তৰফৰ পৰা পোৱা তথ্যৰ ভিত্তিত তদাৰকী আৰু দুর্নীতি শাখাই তদন্ত আৰম্ভ কৰিছিল ৷ এই তদন্ত কালত লাভ কৰা তথ্য মতে, অভিজিৎ ৰাভাৰ ডিফুত থকা এইচ ডি এফ চি বেংকৰ শাখা আৰু গুৱাহাটীৰ এক্সিছ বেংকৰ শাখাত ৬ বছৰতে ৯১ লাখ টকা জমা হৈছিল ৷ বন বিষয়াজনে এই ধনৰাশি সন্দর্ভত তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাক জনোৱা মতে, কামৰূপ জিলাৰ ৰাণীত থকা তেওঁৰ ১৬ বিঘা ২ কঠা ৪ লেচা মাটিত ব্রুকলী খেতিৰ পৰা উক্ত ধনৰাশি আহৰণ কৰিছিল ৷ কিন্তু তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ তথ্য অনুসৰি উক্ত মাটিত তেওঁ কেতিয়াও ব্রুকলী খেতি কৰাই নাছিল ৷ তেনে ক্ষেত্রত বেংকৰ একাউণ্টত জমা হোৱা ধনৰাশিৰ উৎস কি, সেই সম্পর্কে সবিশেষ জনাবলৈ বন বিষয়াজনক সুযোগ দিছিল যদিও এই ধনৰাশিৰ ওপৰত পতিয়ন নিয়াব পৰা কোনো নথিপত্র দাখিল কৰিব নোৱাৰিলে ৷ ইয়াৰ বিপৰীতে তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই ১/২০২০নং এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷

Featured
Comments (0)
Add Comment