মৰাভৰলীপাৰত ৩০ ফুটলৈ খননঃ তেজপুৰত অবৈধ খননেৰে শিল–বালিৰ বেহা

নিয়মীয়া বাৰ্তা,১ ডিচেম্বৰঃ বন বিভাগৰ প্রত্যক্ষ সহযোগত কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি তেজপুৰত একাংশ অসাধু লোকে চলাই আহিছে ৰমৰমীয়া ব্যৱসায়৷ ধৰিত্রীৰ বক্ষ বিদাৰি ভূগর্ভৰ ২০–৩০ ফুট দকৈ খান্দি দিনে–নিশাই শিল, বালি ডলিয়াই মুকলি বেহা চলাই থকাৰ পিছতো কাণসাৰ নাই বন বিভাগৰ৷ শোণিতপুৰ জিলাৰ পশ্চিম বন্যপ্রাণী সংমণ্ডলৰ কার্যালয়ৰ সন্মুখতে মুকলিমূৰীয়াকৈ চলি আহিছে এই অবৈধ কার্যকলাপ৷ ডল্লেখ্য যে তেজপুৰ ৰাজহ চক্রৰ অন্তর্গত মৰাভৰলীপাৰৰ গোটলুং বালিচাপৰি আদি অঞ্চলত চলি থকা শিল–বালিৰ মহলত মাটি কটাৰ অনুমতি আছে যদিও ইয়াৰ সুবাদতে ভূগর্ভ খান্দি শিল–বালি ডলিওৱা কার্য সমানেই অব্যাহত আছে৷ ৭ ফুটপর্যন্ত দকৈ খনন কৰাৰ অনুমতি গ্রহণ কৰিছে মহলদাৰসকলে৷ উত্থাপিত অভিযোগ মতে, এই অনুমতিৰ সুযোগ গ্রহণ কৰি এক্সকেভেটৰ আৰু ঠায়ে ঠায়ে সৰু সৰু মেচিন লগাই খনন অব্যাহত ৰাখিছে৷ আনকি ব’ৰিং কৰি সুৰংগসদৃশ পৰিৱেশৰ সৃষ্টি কৰি দীঘল দীঘল পাইপ বহুৱাই ভূগর্ভৰ পৰা ডলিয়াই অনা হয় নির্মাণ কার্যত ব্যৱহূত মিহি বালি৷ আজি সাংবাদিকৰ দল ঘটনাস্থলীত ডপস্থিত হৈ এয়া প্রত্যক্ষ কৰে৷ গোটলুঙৰ বন বিভাগৰ কার্যালয়ৰ সমীপত থকা গাঁওবাসী শংকিত হৈ পৰিছে এই খননক লৈ৷ কিয়নো অঞ্চলটোৰ নৈপৰীয়া ঠাইৰ লগতে কৃষিভূমি আৰু ব্যক্তিগতভাৱে স্থানীয় লোকে ব্যৱহাৰ কৰি অহা পুখুৰী আদিও বাদ পৰা নাই এই অবৈধ খননৰ পৰা৷ স্থানীয় এগৰাকী মহিলাই সাংবাদিকৰ আগত কয় যে বন বিভাগৰ লোকে মহলদাৰ–ঠিকাদাৰৰ্ পৰা টকা লৈ এই অবৈধ কাম কৰাৰ সুযোগ দিছে৷ ৰাইজে প্রতিবাদ কৰিলে গুণ্ডা বাহিনী লগাই ভয়–ভাবুকি প্রদান কৰে শিল–বালি ব্যৱসায়ী চক্রই৷ ইফালে গোটলুঙৰ মৰাভৰলী দলঙৰ সমীপত চৰকাৰে প্রদান কৰা তেজপুৰ মহাবিদ্যালয়ৰ ভূমিৰ চাৰিও কাষে থকা দেৱালৰ সংলগ্ণ মাটিতো এক্সকেভেটৰ লগাই দিনে–নিশাই চলিছে অবৈধ খনন৷ ডক্ত স্থানত মাটিৰে চৌহদটো পুতিবলৈ বহু ধন খৰচ কৰিছিল মহাবিদ্যালয় কর্তৃপক্ষই৷ এতিয়া চৌহদৰ চাৰিওকাষে খনন কার্য অব্যাহত থকাৰ ফলত চৌহদটো ভূমিখণ্ড ক্রমান্বয়ে বহি গৈছে৷ মন কৰিবলগীয়া যে এই অবৈধ খননত ব্যৱহাৰ কৰা এক্সকেভেটৰৰ লগতে ব্যৱহূত যান–বাহনৰ নাই নম্বৰ প্লেট ৷

Featured