লকডাউনৰ সময়ছোৱাত দশম শ্ৰেণীৰ বাবে ছেবাৰ অনলাইন পাঠদান

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দেশজুৰি বৃদ্ধি পোৱা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউনৰ ঘোষণা কৰে । এই লকডাউনৰ সমযছোৱাত সকলো যেন এক প্ৰকাৰৰ স্তব্ধ হৈ পৰে ।

দেশত চলি থকা এনে এক জটিল সময়ত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীসমূহক অনলাইনযোগে শিক্ষাদানৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ অসম মাধ্যমিক শিক্ষা পৰিষদেও লৈছে এক গুৰুত্বপূৰ্ণ ব্যৱস্থা ।

২১ দিনীয়া লকডাউনৰ সময়ছোৱাত ছেবাই SIQES EDUAID LLP ৰ সহযোগত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অনলাইনযোগে পাঠদান আৰম্ভ কৰিছে ।

অসমীয়া, ইংৰাজী আৰু বড়ো তিনিওটা ভাষাতে উপলব্ধ হোৱা এই পাঠ্যক্ৰমসমূহত ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ক সামৰি লোৱা হৈছে ।

ইয়াৰ বাবে শিক্ষাৰ্থীসকলে চাবচক্ৰাইব কৰিব পাৰে ইউটিউব চেনেল EduAid
(Youtube.com/c/EduAid_India) ।

উল্লেখ্য যে ইউটিউব ভিডিঅ’ৰ তলত মন্তব্যৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে বিষয় সম্বন্ধীয় যিকোনো প্ৰশ্ন প্ৰেৰণ কৰিব পাৰে ।

CM Sarbananda SonowalFeatured
Comments (0)
Add Comment