লখিমপুৰত তচনচ অগপৰ ভেটিঃ দলত অব্যাহত খহনীয়া

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনে লখিমপুৰত খহাই পেলাইছে অগপৰ ভেটি ৷ কেৱল আইনখনৰ বিৰোধিতা কৰিয়েই নহয়, দলীয় নেতৃত্বৰ ভূমিকাত অসন্তুষ্ট হৈ জিলাখনত নিতৌ দল এৰিছে বহু কর্মী তথা বিষয়ববীয়াই ৷ দলত্যাগীসকলে নেতৃত্বকো হুংকাৰ দিয়াৰ উপৰি নেতৃত্বক স্থিতি স্পষ্ট কৰাৰো দাবী জনাইছে ৷

আইনখনৰ বিৰোধিতা কৰাৰ উপৰি একাংশ দলীয় নেতৃত্বই আইনখনৰ সপক্ষে স্থিতি গ্রহণ কৰাত ক্ষুণ্ণ হোৱা লখিমপুৰৰ অগপ কর্মীয়ে দল এৰি ৰাইজৰ পক্ষত থিয় দিছে ৷ কেইদিনমান পূর্বে দলৰ জিলা সভাপতি জীৱন ৰাজখোৱাই পদত্যাগ কৰাৰ পাছত লখিমপুৰ বিধানসভা সমষ্টিৰ ১৫খন আঞ্চলিক সমিতিয়ে পদত্যাগ কৰে ৷ লখিমপুৰ মহকুমাত থকা মুঠ ৫৫খন আঞ্চলিক সমিতিৰ সৰহভাগেই দল এৰি এতিয়া ৰাইজৰ পক্ষত থিয় দিছে ৷

বিহপুৰীয়া বিধানসভা সমষ্টিৰ ২০খন আঞ্চলিক সমিতিৰ ভিতৰত সৰহসংখ্যকেই দলত্যাগ কৰাৰ উপৰি সমষ্টিটোৰ পৰা দলটোৰ কেন্দ্রীয় সমিতিত কার্যনির্বাহ কৰা কেইবাজনো বিষয়ববীয়াই পদত্যাগ কৰিছে ৷ নাওবৈচা বিধানসভা সমষ্টিৰো ২০খন আঞ্চলিকৰ কেইবাখনেও পদত্যাগ কৰিছে ৷ জিলাখনত এনেদৰে অগপ কর্মী তথা বিষয়ববীয়াৰ দলত্যাগৰ জোৱাৰ উঠাৰ বিপৰীতে দলৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তথা লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্তৰ স্থিতি এইপর্যন্ত স্পষ্ট হোৱা নাই ৷

দলৰ এটা সূত্রই জনোৱা মতে, সম্প্রতি দলীয় আভ্যন্তৰীণ কাম–কাজত ব্রতী হৈ থকা দত্তই এই কাম–কাজ সমাপ্ত হ’লেই তেওঁ দলত্যাগ কৰাৰ সম্ভাৱনা আছে ৷ সম্প্রতি দলত্যাগীসকলে শীর্ষ নেতৃত্বৰ ভূমিকাক গৰিহণা দি তেওঁলোকৰ পদত্যাগৰ দাবী জনাই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিছে ৷ যাৰ বাবে জিলাখনত দলত্যাগ কৰা কর্মীৰ সংখ্যা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে আৰু জিলাখন অগপশূন্য হোৱাৰ দিশত আগবাঢ়িছে ৷

Featured
Comments (0)
Add Comment