‘লিভা মিচ ডিভা’ ২০২০ ৰ ‘মিছ বডী বিউটীফুল’ শিতানত বিজয়ী নৰ্থইষ্ট ডিভা মালেসা কাশ্যপ

নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ মুম্বাইত অনুষ্ঠিত হোৱা লিভা মিছ ডিভা ২০২০ত মালেসা কাশ্যপ বিজয়ী হৈছে। লিভা মিছ ডিভাৰ ‘মিছ বডী বিউটিফুল’ শিতানত মালেসা কাশ্যপ জয়ী হয়। ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ডিভা ২০১৯ ত মালসা কাশ্যপ বিজয়ী হৈছিল।
২০১৯ চনৰ নৰ্থ ইষ্ট খিতাপ জয়ী হোৱাৰ পিছত ওদালগুৰিৰ জীয়ৰী মালেসা উত্তৰ পূৰ্বাঞ্চলত সৌন্দৰ্য আৰু ফেশ্বন জগতৰ এটি চিনাকী নাম হৈ পৰে। ২০১৯ বৰ্ষৰ ৪ আগষ্টত তাজ ভিভাণ্টাত অনুষ্ঠিত হোৱা মিছ নৰ্থ ইষ্ট ডিভাত মালেসা চূড়ান্ত বিজয়ী হৈছিল। মৰাণৰ প্ৰতিযোগী প্ৰতিক্ষা গণ্ডিয়া আৰু আইজলৰ চি ভানাল মালচুমিয়ে ক্ৰমে প্ৰথম ৰাণাৰ্ছ আপ আৰু দ্বিতীয় ৰাণাৰ্ছ আপ হৈছিল।
নৰ্থইষ্ট ডিভা ২০১৯ জয়ী হোৱাৰ বাবে মালেসাই লিভা মিছ ডিভা ২০২০ ত পোনপটীয়াকৈ প্ৰৱেশ কৰিছিল।
মুম্বাইত অনুষ্ঠিত হোৱা লিভা মিছ ডিভা ২০২০ অনুষ্ঠানত প্ৰাক্তন মিছ ইউনিৰ্ভাছ লাৰা দত্ত আৰু য়ামী গৌতমৰ বিচাৰকৰ আসনত অধিষ্ঠিত হৈছিল।
মিছ ডিভা ২০২০ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা মিছ ডিভা প্ৰতিযোগিতাৰ ৭ নম্বৰ সংস্কৰণ। সমগ্ৰ দেশৰ পৰা প্ৰতিযোগী আৰু কেম্পাছ প্ৰিন্সেছ ২০২০ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

Featured
Comments (0)
Add Comment