লেহেমীয়া হৈছে অভি-নীল হত্যাৰ বিচাৰ প্ৰক্ৰিয়া

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অভি-নীল হত্যাকাণ্ডৰ গোচৰ প্ৰক্ৰিয়া ক্ৰমান্বয়ে মন্থৰ হৈ পৰিছে। বিপক্ষৰ অধিবক্তাই চেষ্টা চলাইছে গোচৰটো লেহেমীয়া কৰিবলৈ। যাক লৈ এতিয়া তীব্ৰ অসন্তুষ্টি, দুখ আৰু ক্ষোভ ব্যক্ত কৰিছে অভি-নীলৰ পিতৃয়ে। বুধবাৰে নগাঁও আদালতত গোচৰটোৰ শুনানি দিনত উপস্থিত হৈ অভিঃনীলৰ পিতৃদ্বয়ে কয়- অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত স্থবিৰতা আহি পৰিছে। বিপক্ষৰ অধিবক্তাই লেহেমীয়া কৰিবলৈ চেষ্টা চলাই আছে। গতিকে সমস্যাৰ সৃষ্টি হৈছে। দিন বাঢ়ি গৈ থকাৰ বাবে গুৰুত্বও কমি আহিছে। তেওঁলোকে আৰু কয় যে বিপক্ষই মুঠ ৪৭ দোষীৰ ভিতৰত এজন জুভেনাইল থকাৰ দাবী উত্থাপন কৰিছিল যদিও আদালতত প্ৰদৰ্শন কৰিব নোৱাৰিলে মূল প্ৰমাণ-পত্ৰ। ইয়াৰ বিপৰীতে জেৰক্স কপী লৈ অহাত পুনৰ এই শুনানিৰ দিন ১৮ ডিচেম্বৰত ধাৰ্য কৰে আদালতে।

ইফালে উক্ত ঘটনাৰ তিনিজনকৈ চাক্ষুষ সাক্ষীয়ে বাৰে বাৰে ভাষ্য সলনি কৰি থকাক লৈও উদ্বিগ্ন হৈ পৰিছে অভি-নীলৰ পৰিয়াল। সেয়ে শুনানিৰ দিন খৰতকতীয়া কৰিবলৈ ন্যায়পালিকাক আহ্বান জনালে অভি-নীলৰ পৰিয়ালে। উল্লেখ্য যে ২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰিছিল অভিজিত নাথ আৰু নীলোতপল দাসক। ইফালে বুধবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত অসন্তুষ্টি ব্যক্ত কৰি অভি-নীলৰ পিতৃ অজিত নাথ আৰু গোপাল চন্দ্ৰ দাসে গোচৰৰ প্ৰকৃত ন্য়ায় পোৱাৰ ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।