শিক্ষা বিভাগৰ বঞ্চনাঃ দুবছৰে বন্ধ চাইকেল যোগান

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে কল্যাণকামী আঁচনি গ্ৰহণৰ লগতে সঠিক ৰূপায়ণৰ বাবে প্ৰয়োজন পুঁজি যোগান ধৰি আহিছে । নিৰ্দিষ্ট বিত্তীয় বৰ্ষতো যাতে আঁচনিসমূহ ৰূপায়ণ হয়, সেই সম্পৰ্কতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন পৰ্যালোচনা বৈঠকৰ জৰিয়তে বিভাগসমূহক নিৰ্দেশনাও দি আহিছে । ইয়াৰ পাচতো নিজৰ অকৰ্মণ্যতা, দায়িত্বজ্ঞানহীনতাৰ বাবে আঁচনি ৰূপায়ণ কৰিব নোৱাৰা ব্যৰ্থ বিভাগসমূহৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত হৈছে শিক্ষা বিভাগ । বিগত বছৰসমূহৰ দৰে চলিত বিত্তীয় বৰ্ষতো শিক্ষা বিভাগলৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰীক বিনামূলীয়া চাইকেল যোগানৰ বাবে ধাৰ্য কৰে ৬০ কোটি টকা । ২০১৯-২০ বৰ্ষৰ বাজেটত ধাৰ্য কৰা সেই ধনেৰে নৱম শ্ৰেণীত অধ্যয়নৰত ২,২৩,২৫৫ গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীক ২,২৩,২৫৫ খন চাইকেল যোগানৰ ব্যৱস্থা কৰে । পিছে শিক্ষাবিভাগৰ দায়িত্বজ্ঞানহীনতা আৰু হেমাহিৰ বাবেই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীয়ে বিনামূলীয়া চাইকেল লাভত অনিশ্চয়তাই দেখা দিছে । চলিত বিত্তীয় বৰ্ষ শেষ হ’বলৈ মাত্ৰ চাৰিটা মাহ থকা অৱস্থাত বৰ্তমানলৈকে শিক্ষা বিভাগে নিবিদা জাননী প্ৰকাশ কৰা নাই । কিয়নো যোগানকাৰী প্ৰতিষ্ঠান নিৰ্বাচন আৰু যোগানলৈ প্ৰয়োজন হয় এক দীঘলীয়া সময় । তেনে পৰিপ্ৰেক্ষিতত বাজেটত পুঁজি ধাৰ্য কৰাৰ পাচতো বিভাগীয় অকৰ্মণ্যতাৰ বাবে এতিয়া দৰিদ্ৰ ছাত্ৰীৰ চাইকেল লাভৰ আশা ক্ষীণ হৈ পৰিছে । বিগত বিত্তীয় বৰ্ষতো দৰিদ্ৰ ছাত্ৰীয়ে চাইকেল লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠাৰ লগতে বিভাগটোৰ দুৰ্নীতিগ্ৰস্ত শিবিৰৰে কমিছনৰ অংক নিমিলাৰ বাবেই দুবছৰে বন্ধ হৈ আছে চৰকাৰৰ এইখন অভিলাষী আঁচনি ।

Featured