শিৱসাগৰত দিনতে দা লৈ সন্ত্রাস

নিয়মীয়া বার্তা, শিৱসাগৰ, ৬ ডিচেম্বৰঃ কেবৰ বিৰোধিতাৰে জাতি–জনগোষ্ঠীয় দল–সংগঠনৰ প্রতিবাদত শিৱসাগৰ চহৰ উত্তাল হৈ থকাৰ সময়তে বৃহস্পতিবাৰে চহৰৰ মাজমজিয়াত এজন ব্যক্তিয়ে মেচী দা লৈ সন্ত্রাস চলোৱাৰ ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কোনো ব্যক্তিৰ সৈতে থকা ব্যক্তিগত শত্রুতাৰ বাবেই এইদৰে হত্যাৰ উদ্দেশ্যে চহৰৰ মাজমজিয়াত মেচী দা লৈ সন্ত্রাস চলোৱা ঘটনাই সৃষ্টি কৰিছে এই চাঞ্চল্যৰ৷ অৱশ্যে অতি তৎপৰতাৰে শিৱসাগৰ আৰক্ষীৰ দলে দা সহ ব্যক্তিজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ কৰায়ত্ত কৰা ব্যক্তিজনক সদৰ থানাৰ অন্তর্গত নিৱাসী নকুল পাল বুলি জানিব পৰা গৈছে৷

প্রাপ্তবাতৰি মতে, পেছাত মৎস্য ব্যৱসায়ী নকুল পালে বৃহস্পতিবাৰে বিয়লি ব্যক্তিগত কোনো শত্রুতাৰ বাবেই চহৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিৰ গায়েনগাঁও তিনিআলিৰ সমীপত এখন চোকা মেচী দা লৈ আক্রমণৰ লক্ষৰে দীর্ঘসময় ধৰি পাইচাৰি কৰিবলৈ ধৰে৷ মুখত অশ্লীল শব্দৰে ধৰাল মেচী দা লৈ তর্জন গর্জন কৰি থকাৰ দৃশ্য প্রত্যক্ষ কৰি আতংকিত হৈ পৰে পথচাৰীসকল ৷ লগে লগে স্থানীয় ৰাইজে ব্যক্তিজনৰ সন্দর্ভত শিৱসাগৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দলে দা সহ ব্যক্তিজনক কৰায়ত্ত কৰি নিজৰ জিম্মাত লয়৷ ইফালে ধৃত নকুল পালে জানিবলৈ দিয়া মতে, পুৱা এজন ব্যক্তিয়ে কৌশলেৰে ৪০ কেজি মাছ সৰকাই নি নকুল পালক পইচা আদায় দিয়াৰ পৰা বিৰত আছিল৷ যাৰ বাবে নকুল পালৰ পৰা মাছ নি পইচা আদায় নিদিয়া ব্যক্তিজন এখন ই ৰিক্সাত উঠি নগৰৰ দিশে আহি থকা বুলি জানিব পাৰি আক্রমণৰ উদ্দেশ্যে সেই স্থানত খাপপিটি ৰৈছিল বুলি জানিবলৈ দিছে৷ অৱশ্যে স্থানীয় ৰাইজৰ তাৎক্ষণিক খবৰৰ ভিত্তিত আৰক্ষীয়ে ক্ষিপ্রগতিত দা সহ নকুল পালক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাৰ বাবেই এক ভযংকৰ দুর্ঘটনাৰ পৰা যে ৰক্ষা পৰিল সি নিশ্চিত৷

Featured
Comments (0)
Add Comment