শীঘ্রে নগা–বড়ো শান্তি চুক্তি : বিদ্রোহজর্জৰ উত্তৰ–পূবৰ দুই ৰাজ্যলৈ আহি আছে সুখবৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ নগা উগ্রপন্থী সংগঠন এন এছ চি এন (আই–এম) আৰু এন ডি এফ বি (এছ)ৰ সৈতে শীঘ্রেই স্বাক্ষৰিত হ’ব শান্তি চুক্তি ৷ এন ডি এফ বি (এছ)ৰ অধ্যক্ষ বি চাওৰাইগৌৰাই যোৱা ১৬ জানুৱাৰীত যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰাৰ পাছত গতি লাভ কৰিছে বড়ো শান্তি আলোচনা প্রক্রিয়াই ৷ ইফালে ২২ বছৰীয়া শান্তি আলোচনা প্রক্রিয়াৰ অন্ত পেলাই নগা শান্তি চুক্তি স্বাক্ষৰৰ দিশে অগ্রসৰ হৈছে কেন্দ্রীয় চৰকাৰ৷ অতি সোনকালে নগা শান্তি চুক্তি স্বাক্ষৰিত হ’ব বুলি ঘোষণা কৰিছে শান্তি প্রক্রিয়াৰ মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ নৱনিযুক্ত ৰাজ্যপাল আৰ এন ৰবিয়ে৷ যোৱা ১৬ জানুৱাৰীত নাগালেণ্ড বিধানসভাত ৰাজ্যপাল আৰ এন ৰবিয়ে ইতিমধ্যে আলোচনা প্রক্রিয়া ফলপ্রসূভাৱে সমাপ্ত হোৱা বুলি ঘোষণা কৰে৷

ইয়াৰ পাছতেই ১৮ জানুৱাৰীত নাগালেণ্ডৰ চুমুকডিমাৰ পুলিচ কমপ্লেক্সত এন এছ চি এন (আই–এম)ৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় ৰাজ্যপাল ৰবি৷ এন এছ চি এন (আই–এম)ৰ মুৰব্বী তথা সাধাৰণ সম্পাদক থুইংলেং মুইভা উপস্থিত থকা এই বৈঠকখনত উগ্রপন্থী সংগঠনটোৰ তৰফৰ পৰা প্রস্তাৱিত চুক্তি সম্পর্কীয় এক সংক্ষিপ্ত টোকা ৰবিৰ হাতত অর্পণ কৰা হয়৷ ৰাজ্যপালগৰাকীয়ে শীঘ্রে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি এই সম্পর্কীয় সকলো প্রক্রিয়া সমাপ্ত কৰিব বুলি বৈঠকত উগ্রপন্থী সংগঠনটোক জানিবলৈ দিয়ে৷

নাগালেণ্ডৰ সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টো কেন্দ্রীয় চৰকাৰৰ বিচাৰাধীন বিষয় বুলিও তেওঁ সদৰী কৰে৷ উল্লেখ্য যে ২০১৫ চনৰ তিনি আগষ্টত এন এছ চি এন (আই–এম)ৰ সভাপতি ইছাক চি শ্বু আৰু সাধাৰণ সম্পাদক থুইংলেং মুইভাই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাসভৱনত নগা ফ্রেমৱর্ক এগ্রিমেণ্টত স্বাক্ষৰ কৰিছিল৷ নগা চুক্তিৰ আদি পর্ব বুলি বিবেচিত এই ফ্রেমৱর্ক এগ্রিমেণ্টত ভাৰত চৰকাৰৰ হৈ স্বাক্ষৰ কৰিছিল মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে৷

উল্লেখ্য যে ১৯৯৭ চনতে যুদ্ধবিৰতি ঘোষণা কৰা এন এছ চি এন (আই–এম)–এ এই ফ্রেমৱর্ক এগ্রিমেণ্টৰ জৰিয়তে নগা চুক্তি স্বাক্ষৰৰ দিশে অগ্রসৰ হৈছে৷ তাৎপর্যপূর্ণভাৱে এই চুক্তিৰ বাবে ইতিমধ্যে নাগালেণ্ডৰ ৰাজনৈতিক গোট (এন এন পি জি), নাগৰিক সমাজ আৰু নগা হো হোৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছে কেন্দ্রীয় গৃহ মন্ত্রালয়৷ নাগালেণ্ডৰ সকলো দল–সংগঠনক সামৰি আৰু সহমতৰ ভিত্তিতহে নগা শান্তি চুক্তি স্বাক্ষৰ হ’ব বুলি কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সূত্রত প্রকাশ৷ এই চুক্তিৰ সময়ত উক্ত দল–সংগঠনসমূহ প্রতিনিধি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷ নগা চুক্তিৰ লেখীয়াকৈ সকলো দল–সংগঠনকে সামৰি স্বাক্ষৰিত হ’ব বড়ো চুক্তিও৷

যোৱা ১৬ জানুৱাৰীত এন ডি এফ বি (এছ)ৰ অধ্যক্ষ বি চাওৰাইগৌৰাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত কৰাৰ পাছত এতিয়া শান্তি চুক্তি প্রক্রিয়া আৰম্ভ কৰিছে গৃহ মন্ত্রালয়ে৷ ২০০৫ চনতেই এন ডি এফ বিৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী আৰু সেনাধ্যক্ষ ধীৰেন বড়োৱে ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰি শান্তি আলোচনা প্রক্রিয়া আৰম্ভ কৰিছিল যদিও উগ্রপন্থী সংগঠনটোৰ অধ্যক্ষ ৰঞ্জন দৈমাৰী গোটটোৱে আলোচনাবিৰোধী স্থিতি লোৱাত স্থবিৰ হৈ পৰিছিল এই প্রক্রিয়া৷ ইয়াৰ পাছত ২০১২ চনত ৰঞ্জন দৈমাৰীও বড়ো শান্তি প্রক্রিয়াৰে জড়িত হৈ পৰাত আলোচনাই গতি লাভ কৰে যদিও বি চাওৰাইগৌৰা গোটটোৱে কঠোৰ স্থিতি গ্রহণ কৰি আহিছিল৷ শেহতীয়াকৈ যোৱা ১১ জানুৱাৰীত ম্যানমাৰৰ আশ্রয় শিবিৰৰ পৰা সাধাৰণ সম্পাদক বি ফেৰেংগা আৰু প্রচাৰ সচিব আইচুলুংসহ চাওৰাইগৌৰাই অসমত প্রৱেশ কৰি যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰাৰ পাছত ত্বৰান্বিত হৈ পৰিছে বড়ো শান্তি প্রক্রিয়া ৷

এই প্রক্রিয়াৰ অধীনত এতিয়া এন ডি এফ বিৰ গোবিন্দ বসুমতাৰী, ৰঞ্জন দৈমাৰী আৰু বি চাওৰাইগৌৰা নেতৃত্বাধীন তিনিটা গোটৰ উপৰি বড়ো জাতীয় মহাসভাকে ধৰি আন দল–সংগঠনসমূহ সৈতে আলোচনাত মিলিত হ’ব কেন্দ্রীয় গৃহ মন্ত্রালয়৷ এই সকলো জাতীয় দল–সংগঠনৰ সহমত আৰু এন ডি এফ বিৰ তিনিওটা গোটৰ সৈতে হোৱা আলোচনাৰ আধাৰত স্বাক্ষৰিত হ’ব বড়ো চুক্তি৷ এই চুক্তিত এন ডি এফ বিৰ তিনিওটা গোটৰ নেতাৰ উপৰি জাতীয় দল–সংগঠনসমূহ স্বাক্ষৰ থাকিব বুলি জানিব পৰা গৈছে৷ পুনৰ নতুন ৰূপত আন এখন বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পাছত বি টি এ ডি অঞ্চলত শান্তি ঘূৰি আহিব বুলি অনুমান কৰা হৈছে৷ একেদৰে নগা আৰু বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পাছত সমগ্র উত্তৰ–পূর্বাঞ্চলৰে উগ্রপন্থী সমস্যা হ্রাস পোৱাৰ লগতে হিংসাজর্জৰ পৰিস্থিতিৰ অৱসান ঘটাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷

Featured
Comments (0)
Add Comment